চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

79

তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল।অমিত শ্বাহ আৰু জে পি নাড্ডা মঙলবাৰে সন্ধিয়া অনুষ্ঠানটোত উপস্থিত থাকিবলৈ হায়দৰাবাদত উপস্থিত হৈছিল। অন্ধ্ৰ প্ৰদেশৰ মনোনীত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰথমবাৰৰ বাবে ১৯৯৫ চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰে ১১ জুনত টিডিপি ৰ মুৰব্বীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছিল। চন্দ্ৰবাবু নাইডুৱে পুৱা ১১:২৭ বজাত শপত গ্ৰহণ কৰে। বিজয়ৱাড়াৰ উপকণ্ঠত কেচাৰাপল্লীৰ গন্নাভাৰাম বিমানবন্দৰৰ বিপৰীতে মেধা আইটি পাৰ্কৰ ওচৰত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়।