দোষীৰ শাস্তিৰ দাবীত বাঘমাৰাত ৰাইজৰ প্ৰতিবাদ

63

আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ গাঁওত ৩ জুনত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আজিও চাঞ্চল্য অব্যাহত আছে৷সিদিনা গাঁওখনৰ বিল্লাল হুছেইনৰ প্ৰথমা পত্নী মফিদা খাতুনক অচেতন অৱস্থাত উদ্ধাৰ কৰি স্বামী পৰিয়ালৰ লোকে আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে বোৱাৰী গৰাকীক মৃত বুলি ঘোষণা কৰে।

বোৱাৰী গৰাকীৰ এনে মৃত্যুক শহুৰ পৰিয়ালে আত্মহত্যা বুলি কলেও এই কথা মানি লোৱা নাই বোৱাৰী গৰাকীৰ পিতৃ পৰিয়ালৰ লোকে।পিতৃ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে,মৃত মফিদা খাতুনৰ স্বামী পৰিয়ালৰ লোকে হত্যা কৰিছে তেওঁক।

স্বামী বিল্লাল হুছেইন দ্বিতীয় বিয়া কৰাই গুৱাহাটীত থাকে যদিও বিল্লাল হুছেইনৰ পৰিয়ালৰ লোকে প্ৰায়েই নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী বোৱাৰীৰ পৰিয়ালৰ লোকে৷

তদুপৰি মফিদা খাতুনৰ মৃত্যুৰ পিছত স্বামী আৰু স্বামী পৰিয়ালৰ কোনো লোকে ন্যূনতম খৱৰ এটাও লোৱা নাই বুলিও গুৰুতৰ অভিযোগ কৰে৷আনকি মৃত মফিদা খাতুনৰ মৃতদেহ ছাবলৈ আৰু মৃতদেহ জানাজা কৰাৰ সময়তো তেওঁৰ চাৰিটাকৈ সন্তানক ছাবলৈ দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে বোৱাৰী গৰাকীৰ পিতৃ পৰিয়ালৰ লোকে।

মফিদা খাতুনৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে পৰিয়ালৰ লোকে৷সমগ্ৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ দাবীত মংগলবাৰে মৃত বোৱাৰী গৰাকীৰ বাঘমাৰাচৰত থকা পিতৃ পৰিয়ালৰ লগতে একাংশ স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰে৷

আৰক্ষীৰ তদন্তত মহিলা গৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হ’ব নে ?