টাটা মটৰ্ছে যাত্ৰীবাহী বাহনে ৫ মিলিয়ন বিক্ৰীৰ সীমা অতিক্ৰম কৰাৰ পথত আগবাঢ়িছে

124

টাটা মটৰ্ছে ঘৰুৱা যাত্ৰীবাহী বাহন ছেগমেণ্টে অনাগত কেইবছৰমানৰ ভিতৰত বাৰ্ষিক বিক্ৰীৰ পৰিমাণে ৫০ লাখৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে আৰু এই বৃদ্ধিৰ সুযোগ গ্ৰহণ কৰিবলৈ প্ৰতিষ্ঠানটো সাজু হৈছে বুলি জনাইছে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে। ২০২৩-২৪ চনৰ বাৰ্ষিক প্ৰতিবেদনত কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰসকললৈ প্ৰেৰণ কৰা বাৰ্তাত চন্দ্ৰশেখৰনে উল্লেখ কৰিছে যে, কোম্পানীটোৱে এখোজ আগুৱাই ৰাজহ বৃদ্ধি আৰু ব্যৱসায়সমূহৰ মাজত শক্তিশালী মুক্ত নগদ ধনৰ প্ৰবাহৰ ওপৰত গুৰুত্ব দিব। চন্দ্ৰশেখৰনে কয় যে, যোৱা বছৰ ৪.১ মিলিয়ন বাহনৰ তুলনাত অহা কেইবছৰমানৰ ভিতৰত যাত্ৰীবাহী বাহনে ৫ মিলিয়ন বিক্ৰীৰ সীমা অতিক্ৰম কৰাৰ পথত আগবাঢ়িছে। ভাৰতত বাহনৰ ব্যৱহাৰ প্ৰতি ১০০০ জনৰ বিপৰীতে প্ৰায় ৩০খন বাহন, বিশ্বৰ বহু দেশৰ তুলনাত এই পৰিমাণ কম। আহি থকা দিনবোৰত এই পৰিমাণ বা দৃশ্যপট বৃদ্ধিৰ আশা কৰিছে চন্দ্ৰশেখৰনে। তেওঁ কয় যে, টাটা মটৰ্ছে নিজৰ বজাৰৰ স্থান আৰু অধিক শক্তিশালী কৰিবলৈ আৰু এই বৃদ্ধিৰ সুযোগ গ্ৰহণ কৰিবলৈ সঠিক স্থানত আছে। যাত্ৰীবাহী বাহন ছেগমেণ্টৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে, পৰৱৰ্তী পৰ্যায়ত এই ব্যৱসায়ে ৰাজহ বৃদ্ধি, এবিটা উন্নত কৰা, শক্তিশালী মুক্ত নগদ ধনৰ প্ৰবাহ, প্ৰযুক্তি আৰু ব্ৰেণ্ডৰ নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

যান-বাহন বিক্ৰীৰ লগতে এই ব্যৱসায়ে বাহন পাৰ্ক সংযোজিত ব্যৱসায় যেনে স্পেয়াৰ, ডিজিটেল আৰু স্মাৰ্ট মবিলিটী সমাধানৰ ওপৰতো গুৰুত্ব দিব, যিয়ে বাহন বিক্ৰী ব্যৱসায়ৰ অস্থিৰতা হ্ৰাস কৰাত সহায় কৰিব, তেওঁ লগতে কয়। জেএলআৰ সন্দৰ্ভত তেওঁ কয় যে, ব্ৰেণ্ডটোৱে প্ৰিমিয়াম বিলাসী অ’ইএম হোৱাৰ লগতে শক্তিশালী ৰাজহ বৃদ্ধি প্ৰদান কৰিবলৈ, লাভালাভ আৰু সমৃদ্ধি উন্নত কৰিবলৈ, ইতিবাচক মুক্ত নগদ প্ৰবাহ অব্যাহত ৰাখিবলৈ আৰু সামগ্ৰী আৰু প্ৰযুক্তিত বিনিয়োগ অব্যাহত ৰাখিবলৈ ইয়াৰ যাত্ৰা দুগুণ কৰি তুলিব। পৰৱৰ্তী ৩ বছৰত মুকলি কৰিবলগা সামগ্ৰীৰ এক আকৰ্ষণীয় পৰিসৰ আছে, যাক সফলতাৰে বিতৰণ কৰিব লাগিব। এই বছৰৰ শেষৰ ফালে প্ৰথম বৈদ্যুতিক ৰেঞ্জ ৰোভাৰ মুকলি কৰা হ’ব আৰু অল-ইলেক্ট্ৰিক জাগুৱাৰকে ধৰি অনাগত বছৰবোৰত যথেষ্ট আৰু অনন্য ইভি প্ৰস্তুতৰ কাম চলি আছে” তেওঁ কয়। চন্দ্ৰশেখৰনে লগতে এই কথাও উল্লেখ কৰিছে যে পৃথকে সঠিকভাৱে ৰণনীতি সম্পাদন কৰিবলৈ আৰু সকলো টাটা ব্যৱসায়ক উদ্দেশ্যপূৰ্ণভাৱে অনুসৰণ কৰিবলৈ অধিক সামৰ্থ্য প্ৰদানৰ বাবে টাটা মটৰ্ছৰ বৰ্ডে কোম্পানীটোক দুটা পৃথক তালিকাভুক্ত কোম্পানীলৈ বিভক্ত কৰাৰ প্ৰস্তাৱ দিছে। বাণিজ্যিক বাহন ব্যৱসায় আৰু ইয়াৰ সম্পৰ্কিত ক্ষেত্ৰসমূহক এটা সংস্থাত আৰু পিভি, ইভি, জেএলআৰকে ধৰি যাত্ৰীবাহী বাহন ব্যৱসায় আৰু ইয়াৰ সম্পৰ্কিত ক্ষেত্ৰসমূহক আনটো সংস্থাত অন্তৰ্ভুক্ত কৰা হৈছে, শ্বেয়াৰ হল্ডাৰসকলক এই কথা অৱগত কৰে চন্দ্ৰশেখৰননে।

চন্দ্ৰশেখৰনে পুনৰ কয় যে, এই পদক্ষেপৰ জৰিয়তে পিভি, ইভি আৰু জেএলআৰৰ মাজত বিশেষকৈ ইভি, অটনমাছ বাহন আৰু বাহনৰ ছফ্টৱেৰৰ ক্ষেত্ৰত যথেষ্ট সহযোগিতা সুৰক্ষিত কৰাত সহায়ক হ’ব। ইয়াৰ ফলত প্ৰতিটো প্ৰতিষ্ঠানে গ্ৰাহকৰ বাবে এক উচ্চ মানদণ্ডৰ অভিজ্ঞতা, কৰ্মচাৰীৰ বাবে উন্নত বৃদ্ধিৰ সম্ভাৱনা আৰু শ্বেয়াৰ হোল্ডাৰসকলৰ বাবে বৰ্ধিত মূল্য প্ৰদান কৰিব। টাটা গ্ৰুপৰ অধ্যক্ষজনে লগতে উল্লেখ কৰে যে, সামৰিক সংঘাত অব্যাহত থকাৰ সমান্তৰালভাৱে বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতি জটিল হৈ আছে। এনে প্ৰেক্ষাপটত ব্যৱসায়তো প্ৰভাৱ পৰিছে আৰু সকলোৱে অপৰিসীম কষ্ট কৰিবলগীয়া হৈছে আৰু ইয়াৰ ফলত যোগান শৃংখলতো ব্যাঘাত জন্মিছে। সময় বাগৰাৰ লগে লগে অৰ্থনৈতিক পৰিস্থিতি সুস্থিৰ হৈ আহিছে আৰু অহা দুবছৰমানৰ ভিতৰত বিশ্বৰ বৃদ্ধি প্ৰায় ৩ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে বুলিও কয় চন্দ্ৰশেখৰনে।