১ জুনৰ পৰা আৰম্ভ হৈছে ফ্লিপকাৰ্টৰ বহুপ্ৰত্যাশিত ‘বিগ এণ্ড অফ চিজন চেল’

104

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে ২০২৪ চনৰ ১ জুনৰ পৰা বহু প্ৰত্যাশিত ‘বিগ এণ্ড অৱ ছিজন চেল’ (বিগ ইঅ’এছএছ) আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে। ফেশ্বনৰ অন্যতম বৃহৎ উদযাপনৰ বাবে তৈয়াৰ কৰা এই মঞ্চখনে বিগ ইঅ’এছএছে গ্ৰাহকসকলক ‘স্পইল’ত কিউৰেট কৰা ট্ৰেণ্ডি ষ্টাইল, প্ৰিমিয়াম ব্ৰেণ্ড আৰু আকৰ্ষণীয় জেন জেড অফাৰৰ বিস্তৃত পৰিসৰ আগবঢ়াব, যিবোৰ ভাৰতৰ সেৱাযোগ্য প্ৰতিটো অঞ্চললৈ প্ৰেৰণ কৰা হ’ব।

ফ্লিপকাৰ্ট বিগ ইঅ’এছএছ ২০২৪-এ ১২,০০০ৰো অধিক ব্ৰেণ্ড আৰু ২ লাখ+ বিক্ৰেতাৰ পৰা পছন্দৰ সুবিধা প্ৰদান কৰিব, য’ত স্পৰ্টছ জোতা, ঘড়ী আৰু জিনছৰ দৰে শিতানত অপেন বক্স ডেলিভাৰীৰ বিকল্প থাকিব। একেদিনাই ১ লাখৰো অধিক সামগ্ৰীৰ ডেলিভাৰী উপলব্ধ হ’ব। অন্যতম জনপ্ৰিয় পছন্দৰ সামগ্ৰীৰ ভিতৰত আছে পুমা, এডিডাছ, নাইকি, টমী হিলফিগাৰ, ফ’চিল, টাইটান, ক্ৰকছ, ইউচিবি, ভেৰো মোডা, অনলি, ডব্লিউ, ইউএছপিএ, এৰ’, আমেৰিকান ট্যুৰিষ্টাৰ আৰু পিটাৰ ইংলেণ্ডৰ ষ্টাইলিছ সামগ্ৰীসমূৰ মাজৰ পৰা নিজৰ পচন্দৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে। বিগ ইঅ’এছএছৰ পূৰ্বে ফ্লিপকাৰ্টে আল্লু অৰ্জুন আৰু আলিয়া ভাটক লৈ তাৰকাসমৃদ্ধ বিপণন অভিযানো আৰম্ভ কৰিছে, যিয়ে সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ সামগ্ৰীৰ ইচ্ছা তালিকা(উইছলিষ্ট) প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰিছে। বিগ ইঅ’এছএছ সন্দৰ্ভত নিজৰ উৎসাহ ব্যক্ত কৰি ফ্লিপকাৰ্ট ফেশ্বনৰ উপাধ্যক্ষ তথা মুৰব্বী আৰিফ মহম্মদে কয় যে, ” আমি ফেশ্বনৰ শেহতীয়া আৰু সৰ্বশ্ৰেষ্ঠ সামগ্ৰ প্ৰদান কৰিবলৈ সম্পূৰ্ণৰূপে সমৰ্পিত – পোছাক, জোতা আৰু আনুষংগিক সামগ্ৰী – এই সকলোবোৰ সামগ্ৰী অনুকূলিত অন-এপ অভিজ্ঞতাৰ জৰিয়তে উপলব্ধ।”

ফ্লিপকাৰ্টৰ বিগ ইঅ’এছএছৰ সময়ত গ্ৰাহকসকলে সামগ্ৰী ক্ৰয় কৰাৰ সময়ত বিভিন্ন বেংকৰ অফাৰৰ সুবিধা ল’ব পাৰে, যেনে ক্ৰেডিট কাৰ্ডৰ ইএমআইত ১০% তৎক্ষণাত ৰেহাই আৰু আৰবিএল বেংক, বিঅ’বি বেংক, এইচএছবিচি বেংকৰ ক্ৰেডিট কাৰ্ডত(নূন্যতম অৰ্ডাৰৰ মূল্য ২,৫০০ টকা)ৰেহাই লাভ কৰিব। লগতে নূন্যতম অৰ্ডাৰ মূল্য ২০০ টকাত ফ্লিপকাৰ্ট ইউপিআইৰ জৰিয়তেও অফাৰ লাভ কৰিব পাৰিব।