প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সাধাৰণ সভা

70

ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন গঠনাৰ্থে এখন সভা বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়।

বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী জেহেৰুল ইছলামে পৌৰোহিত্য কৰা সভাত ক্ৰমে ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল মালিক, ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ছানোৱাৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক নুৰুল ইছলাম তালুকদাৰ, সমাজ কৰ্মী ফুলচান আলী, ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ সদস্য আয়ুব খান, ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ সদস্য তথা প্ৰাক্তন সভাপতি ইব্ৰাহিম আলী, ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সদস্য আব্দুৰ ৰহমান, কৃষক নেতা জয়নাল আবদিন আদি কৰি ভালেসংখ্যক প্ৰাক্তন শিক্ষাৰ্থীৰ উপস্থিত থাকি এখন জুৰি কমিটি গঠণ কৰা হয়।

প্ৰাক্তন শিক্ষাৰ্থী তাইজুদ্দিন আহমেদক সভাপতি আৰু প্ৰাক্তন শিক্ষাৰ্থী তথা প্ৰাক্তন সাধাৰণ সম্পাদক নিয়ামত আলীক মূখ্য সম্পাদক হিচাপেলৈ ১০১ জনীয়া সদস্য সন্নিবিষ্টৰে এখন সমিতি গঠন কৰা হয়।

প্ৰায় দুই শতাধিক প্ৰাক্তন শিক্ষাৰ্থীৰ উপস্থিতত উক্ত সমিতিখন গঠনত অংশগ্ৰহণ কৰি উৎফুল্লিত হোৱাৰ লগতে আগন্তুক দিনত যাতে ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শৌক্ষিক দিশত আগুৱাই যাব পৰা যায় অন্তকৰনেৰে কামনা কৰিছে।