ভিৰ নেটফ্লিক্সৰ সৈতে অংশীদাৰিত্ব, প্ৰিপেইড ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে সুলভ মূল্যৰ একাধিক প্লেন

101

ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিয়ে সমগ্ৰ বিশ্বৰ ষ্ট্ৰীমিং ক্ষেত্ৰখনৰ অগ্ৰদূত নেটফ্লিক্সৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে । এই সহযোগিতাৰ লক্ষ্য হৈছে ভিৰ ব্যৱহাৰকাৰীসকলক মোবাইল ফোন, টেলিভিছন আৰু টেবলেটকে ধৰি বিভিন্ন ডিভাইচত সহজে ব্যৱহাৰযোগ্য আকৰ্ষণীয় সমল প্ৰদান কৰা। এই অংশীদাৰিত্বৰ জৰিয়তে ভিয়ে নিজৰ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে এক এক্সক্লুছিভ নেটফ্লিক্স বেছিক বাণ্ডল আনলিমিটেড প্লেন মুকলি কৰিছে, যি টেলিকম উদ্যোগত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত হৈছে। ১০০০ টকাতকৈও কম মূল্যৰ প্ৰতিযোগিতামূলক মূল্যৰ এই প্লেনত আনলিমিটেড কল, ডাটা আৰু ১০০ এছএমএছ/দিনৰ লগতে নেটফ্লিক্সৰ বিস্তৃত কণ্টেণ্ট লাইব্ৰেৰী ব্যৱহাৰ কৰাৰ সুবিধা পাব, য’ত আছে দেশজুৰি বহুচৰ্চিত”হিৰামণ্ডি: দ্য ডাইমণ্ড বাজাৰ”ৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰা “স্কুড গেম” আৰু “ব্ৰিজাৰটন” ইত্যাদি।

ইয়াৰ লগতে ভিয়ে বিভিন্ন ব্যৱহাৰকাৰীৰ পছন্দ অনুসৰি বিভিন্ন ভেলিডিটী(বৈধতা)ৰ সময় আৰু ডাটা ভাট্টা(এলাৱেঞ্চ)যুক্ত দুটা নতুন আনলিমিটেড প্ৰিপেইড পেক মুকলি কৰিছে। মুম্বাই আৰু গুজৰাটৰ গ্ৰাহকসকলে ১০৯৯ টকাতে ৭০ দিনৰ ভেলিডিটীসম্পন্ন অফাৰৰ সুবিধা ল’ব পাৰিব। আনহাতে আন কিছুমানে প্লেন ক্ৰমে ৯৯৮ আৰু ১৩৯৯ টকা মূল্যত ক্ৰমে ৭০ দিন আৰু ৮৪ দিনৰ ভেলিডিটী প্লেনৰ মাজৰ পৰাও যিকোনো এটা বাচনি কৰিব পাৰে।

এই অংশীদাৰিত্বই ভিক কেৱল একমাত্ৰ টেলিকম অপাৰেটৰ হিচাপে চিহ্নিত কৰাই নহয় লগতে এনে এক আকৰ্ষণীয় মূল্য বিন্দুত উদ্ভাৱনীমূলক নেটফ্লিক্স বেছিক অফাৰ আগবঢ়াইছে যিয়ে গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ প্ৰতি থকা সমৰ্পণকে সূচায়। ৮৪ দিনৰ বৈধতা(ভেলিডিটী) থকা প্লেন বাছনি কৰা ভিৰ গ্ৰাহকসকলে ডাটা ডিলাইট, নাইট বিঞ্জ আৰু উইকেণ্ড ডাটা ৰোল-অভাৰকে ধৰি ধ্বজাবাহী হিৰো প্ৰপজিচন লাভালাভসমূহ উপভোগ কৰিব পাৰিব। তদুপৰি ভিয়ে নেটফ্লিক্সৰ সৈতে সহযোগিতা কৰি ইয়াক পোষ্টপেইড অফাৰলৈ সম্প্ৰসাৰিত কৰিবলৈ সাজু হৈছে, ব্যৱহাৰকাৰীসকলক প্ৰিমিয়াম মনোৰঞ্জন সমল নিৰ্বিঘ্নে লাভ কৰাৰ বাবে আৰু অধিক বিকল্প প্ৰদান কৰিব।