মজামিল হকক সম্বৰ্ধনা বিজেপিৰ বজালী জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদকৰ

78

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ১৫ নং স্থানত উজলিল বৰপেটাৰ মাজদিয়া গৰেমাৰীৰ মজামিল হক। APSC ৰ Urban development technical officer পদত উজলি উঠে বৰপেটাৰ মাজদিয়াৰ মজামিল হক।

গৰেমাৰী গাঁওৰ প্ৰথম গৰাকী যুৱক হিচাপে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে।
বৰপেটাৰ মাজদিয়া গৰেমাৰি গাঁৱৰ মইনুল হক আৰু মিনুৱাৰা বেগমৰ জ্যেষ্ঠ সন্তান মজ্জামিল হকৰ এই সফলতাত উৎফুল্লিত হৈছে গাঁওবাসী ।

তেও চাৰি বাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও কিছু নম্বৰৰ বাবে ভাল ফলাফল প্ৰদৰ্শন কৰিব পৰা নাছিল। পঞ্চম বাৰত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হয় মজামিল হকে । মজামিলৰ সফলতাত গৌৰৱান্বিত হৈছে তেওঁৰ পৰিয়ালৰ লগতে গাঁওখনৰ সকলো ৰাইজ, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে ।

বিজেপিৰ বজালী জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক নজমুল হকেও মজামিল হকৰ ঘৰতউপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে। ভৱিষ্যতে সততা আৰু নিষ্ঠাৰে ৰাইজৰ কাম কৰাৰ বাবে আহ্বান জনায় সাধাৰণ সম্পাদক গৰাকীয়ে।

ইয়াৰ লগতে অসম চৰকাৰ, মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষা সম্পন্ন কৰা, কোনো ধৰণৰ ধনৰ লেনদেন অবিহনে যোগ্যতা আৰু দক্ষতা ভিত্তিত চাকৰিত নিযুক্তি দিয়া ব্যৱস্থাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বিজেপিৰ বজালী জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক তথা অধিবক্তা নজমুল হকে ।