এনএছইৰ তালিকাভুক্ত কোম্পানীসমূহৰ মাৰ্কেট কেপে অতিক্ৰম কৰিলে ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ

112

এনএছইত ভাৰতীয় তালিকাভুক্ত প্ৰতিষ্ঠানসমূহৰ বজাৰ মূলধনে ২০২৪ বৰ্ষৰ ২৩ মে’ত ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ (৪১৬.৫৭ ট্ৰিলিয়ন টকা) অতিক্ৰম কৰিছে। একেদিনাই নিফটি ৫০ সূচকাংকই সৰ্বকালৰ সৰ্বোচ্চ ২২,৯৯৩.৬০ স্পৰ্শ কৰে, ইয়াৰ বিপৰীতে নিফটি ৫০০ সূচকাংকইও সৰ্বকালৰ সৰ্বোচ্চ ২১,৫০৫.২৫ স্পৰ্শ কৰে, এই ইণ্ডেক্সে ইকুইটি বজাৰ যে কেৱল বৃহৎ মূলধনযুক্ত ষ্টকত বৃদ্ধি সীমাবদ্ধ নহয় তাৰেই ইংগিত দিছে।

ভাৰতীয় তালিকাভুক্ত প্ৰতিষ্ঠানসমূহৰ বজাৰ মূলধনৰ যাত্ৰাত ২ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ (জুলাই ২০১৭)ৰ পৰা ৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ (মে’ ২০২১)লৈ হ’বলৈ প্ৰায় ৪৬ মাহ, ৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ (ডিচেম্বৰ ২০২৩) হ’বলৈ প্ৰায় ৩০ মাহ সময় লাগিছিল আৰু শেহতীয়াকৈ ১ ট্ৰিলিয়ন যোগ হ’বলৈ মাত্ৰ প্ৰায় ৬ মাহ সময় লাগিল। বজাৰ মূলধন অনুসৰি শীৰ্ষ ৫টা প্ৰতিষ্ঠান হ’ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড, টাটা কনছালটেন্সি চাৰ্ভিচেছ লিমিটেড, এইচডিএফচি বেংক লিমিটেড, আইচিআইচিআই বেংক লিমিটেড আৰু ভাৰতী এয়াৰটেল লিমিটেড। নিফটি ৫০ সূচকাংকই যোৱা ১০ বছৰত ১৩.৪% ৰিটাৰ্ণ দিছে (মুঠ মূল্য সূচকাংক চিএজিআৰ), একে সময়ছোৱাতে পৰিচালনাৰ অধীনত থকা ঘৰুৱা মিউচুৱেল ফাণ্ডৰ সম্পদ (ইকুইটি আৰু ঋণ) ২০১৪ বৰ্ষৰ এপ্ৰিল মাহৰ শেষৰ ফালে ৯.৪৫ ট্ৰিলিয়ন টকাৰ পৰা ২০২৪ চনৰ এপ্ৰিলৰ শেষত ৫৭.২৬ ট্ৰিলিয়ন টকালৈ ৫০৬% বৃদ্ধি পাইছে।

পৰিচালনাৰ অধীনত থকা বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰী (এফপিআই)ৰ সম্পদ (ইকুইটি আৰু ঋণ) ২০১৪ বৰ্ষৰ এপ্ৰিল মাহৰ শেষৰ ফালে ১৬.১ ট্ৰিলিয়ন টকাৰ পৰা ২০২৪ বৰ্ষৰ এপ্ৰিলৰ শেষত ৭১.৬ ট্ৰিলিয়ন টকালৈ ৩৪৫% বৃদ্ধি পাইছে। এই বিষয়ে এনএছইৰ মুখ্য ব্যৱসায়িক উন্নয়ন বিষয়া শ্ৰীৰাম কৃষ্ণনে কয় যে, “প্ৰগতিশীল নিয়ন্ত্ৰণ ফ্ৰেমৱৰ্কৰ জৰিয়তে মূলধনী বজাৰৰ পৰিৱেশ তন্ত্ৰক সহায় কৰাৰ বাবে ভাৰত চৰকাৰ, ছিকিউৰিটিজ এক্সচেঞ্জ অৱ ব’ৰ্ড অৱ ইণ্ডিয়া আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”