৭০ বছৰীয়া বৃদ্ধই হেৰাই পোৱা টকাসহ বেগ মাতি নি দিলে ওভতাই

54

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত টুপামাৰী গাঁওৰ এগৰাকী ব্যক্তিৰ সততা আৰু মহানুভৱতাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বৃহত্তৰ অঞ্চলটো |

ফৰিজুল হক নামৰ ৭০ বছৰীয়া বৃদ্ধ গৰাকীয়ে বাটত হেৰাই পোৱা টকাসহ নথি-পত্ৰ সমূহ গৰাকীক ফোন কৰি নিজ ঘৰলৈ মাতি আনি উভতাই দিয়া ঘটনাক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় লোকে৷

জানিব পৰা মতে,যোৱা ২৫ মেত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰ গাঁওৰ ফুলচান আলী নামৰ যুৱকজনৰ মানিবেগখনত নগদ ১৭,৪৩০ টকাৰ লগতে আধাৰ কাৰ্ড,এ টি এম কাৰ্ডকে আদি গুৰুত্বপূৰ্ণ নথি-পত্ৰও আছিল।

বহু বিচাৰ খোচাৰ কৰিও হেৰোৱা ধন আৰু নথিপত্ৰৰ কোনো খবৰ নাপাই হতাশগ্ৰস্ত হৈ পৰিছিল শ্ৰমিক গৰাকী |

টকাখিনি ঘুৰাই পোৱাৰ সকলো আশা এৰি দিয়াৰ পাছতে হঠাৎ যোৱা নিশা অচিনাকি নম্বৰৰ পৰা শ্ৰমিক জনলৈ আহে এটি ফোন কল |

ইয়াৰ পিছতে ফুলচান আলী নামৰ যুৱকজনে স্থানীয় গাঁওপ্ৰধান ইব্ৰাহিম আলী (বাবু ফকিৰ) ক লগত লৈ টুপামাৰীৰ ফৰিজুল হক ঘৰত উপস্থিত হোৱাত বৃদ্ধজনে তেওঁ হেৰাই পোৱা নগদ ধন আৰু নথিপত্ৰ সমূহ ফুলচান আলী নামৰ যুৱকজনক ওভতাই দিয়ে৷

ফৰিজুল হকৰ এনে সততা আৰু মহানুভৱতাৰ ভূয়সী প্ৰশংসা কৰিছে সৰ্বতোপ্ৰকাৰৰ ৰাইজে৷