জাইকাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত দুৰ্যোগ ব্যৱস্থাপনা শিকিবলৈ উত্তৰ-পূবৰ ৰাজ্য আৰু আইআইটি গুৱাহাটী জাপান ভ্ৰমণ কৰিছে

133

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা), দুৰ্যোগ ব্যৱস্থাপনা আৰু গৱেষণা কেন্দ্ৰ (চিডিএমআৰ) আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী(আইআইটি জি)ৰ মাজত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(এছডিএমএ)ৰ বিষয়াসকলৰ দুৰ্যোগ ব্যৱস্থাপনা সামৰ্থ্যসমূহ শক্তিশালী কৰিবলৈ সাজু কৰা হৈছে। জাইকাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ৰূপায়িত এই পদক্ষেপৰ উদ্দেশ্য হৈছে এছডিএমএৰ বিষয়াসকলক দুৰ্যোগ প্ৰতিৰোধ আৰু প্ৰশমনৰ বাবে শেহতীয়া বিশ্বজনীন কৌশলেৰে সজ্জিত কৰি তোলা।

মনোৰম পৰিৱেশ আৰু নান্দনিক দৃশ্যৰাজীৰ বাবে জনাজাত উত্তৰ-পূৰ্বাঞ্চলে প্ৰতি বছৰে বানপানী, ভূমিকম্প আৰু ভূমিস্খলনকে ধৰি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। অঞ্চলটোৱে প্ৰতি বছৰে অহা প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিগত বছৰবোৰত যথেষ্ট প্ৰাণহানি আৰু অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে।

“উত্তৰ-পূৰ্ব ভাৰতৰ ৰাজ্যসমূহৰ দুৰ্যোগৰ আশংকা হ্ৰাস আৰু বহনক্ষমতা গঢ়ি তুলিবলৈ সামৰ্থ্য বৃদ্ধি” শীৰ্ষক এই প্ৰকল্পটোৱে এছডিএমএৰ বিষয়াসকলক কাৰ্যকৰী দুৰ্যোগ প্ৰতিৰোধ ব্যৱস্থা ৰূপায়ণৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে সৱলীকৰণ কৰিব বিচাৰিছে। আইআইটি গুৱাহাটীয়ে ডিজাইন কৰা নিৰ্দিষ্ট প্ৰশিক্ষণ পৰিকল্পনাৰ জৰিয়তে এই পদক্ষেপে দুৰ্যোগৰ আশংকা হ্ৰাসৰ ব্যৱস্থা বৃদ্ধিৰ প্ৰচেষ্টাক অটুট ৰখাৰ লক্ষ্য ৰাখিছে।প্ৰথমবাৰলৈ ২০২৪ বৰ্ষৰ ১৩-২৪ মে’লৈ অনুষ্ঠিত দুসপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলক জাপানৰ অগ্ৰণী পলিচী, প্ৰযুক্তি আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ উত্তম পদ্ধতিৰ বিষয়ে আকৰ্ষণীয় অন্তৰ্দৃষ্টি প্ৰদান কৰে। জাইকা ইণ্ডিয়াৰ মুখ্য প্ৰতিনিধি ছাইটো মিৎছুনুৰিয়ে অঞ্চলটোত দুৰ্যোগৰ আগতীয়াকৈ প্ৰস্তুতি বা সাজু হোৱাৰ বাবে জাপানী আৰু বিশ্বব্যাপী প্ৰযুক্তি-তথ্যৰ লাভালাভ আদায় কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।