তৈলপাম হৈছে পাম অইল গছৰ ফলৰ পৰা আহৰণ কৰা এক বহুমুখী আৰু বহুলভাৱে ব্যৱহৃত বনস্পতি তেল। তৈলপামৰ অনন্য গুণাগুণ আৰু বিবিধ প্ৰয়োগৰ বাবে বিশ্বজুৰি কৃষি আৰু খাদ্য উদ্যোগত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। আজিৰ পৰা প্ৰায় ১৪৯ বছৰৰ পূৰ্বে ১৮৭৫ চনত পশ্চিম আফ্ৰিকাত তৈলখেজুৰ গছৰ উৎপত্তি হৈছিল, অৱশ্যে প্ৰথম অৱস্থাত দক্ষিণ-পূব এছিয়াত শোভা বৰ্ধনৰ বাবে ব্যৱহৃত হৈছিল এই গছবিধ। বৰ্তমান সামগ্ৰিকভাৱে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াই বিশ্বৰ পাম তেল যোগানৰ ৮৫% তকৈও অধিক অৰিহণা আগবঢ়ায়।
খাদ্য উদ্যোগত বিশেষভাৱে তৈলপামৰ ব্যৱহাৰ বা প্ৰয়োগ কৰা হৈছে। তৈলপামৰ অনন্য সন্তুলিত ফেটি এচিড গঠনৰ বাবে ৰন্ধন তেল, মাৰ্গাৰিন আৰু সংসাধিত খাদ্য আৰু উচ্চ তাপমাত্ৰাত ৰন্ধাৰ বাবে বিশেষভাৱে উপযুক্ত। বহনক্ষমতা আৰু মসৃণ গাঁথনিৰ বাবে খাদ্যৰ বাহিৰেও ব্যক্তিগত যতনৰ সামগ্ৰী যেনে চাবোন, চেম্পু আৰু প্ৰসাধন সামগ্ৰীত তৈলপামৰ গুৰুত্ব বৃদ্ধি পাইছে।
ঐতিহ্যমণ্ডিত এছএনডিটি মহিলা বিশ্ববিদ্যালয়ৰ গাৰ্হস্থ্য বিজ্ঞান আৰু খাদ্য বিজ্ঞান তথা পুষ্টি বিভাগৰ স্নাতকোত্তৰ অধ্যয়ন আৰু গৱেষণা বিভাগৰ অতিথি অধ্যাপক হিচাপে কৰ্মৰত সহযোগী অধ্যাপিকা ড০ মীনা মেহতাই তৈলপামৰ জৰিয়তে অৰ্থনৈতিক সমৃদ্ধি আৰু গ্ৰাম্য উন্নয়নত অৱদান আগবঢ়োৱাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিছে। তৈলপাম হৈছে ভিটামিন ই আৰু প্ৰ-ভিটামিন এ (বিশেষকৈ বিটা-কেৰটিন)কে ধৰি প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ সমৃদ্ধ উৎস। এই এণ্টিঅক্সিডেণ্টবোৰ সুস্বাস্থ্য বজাই ৰখাৰ বাবে অতি প্ৰয়োজনীয়, কাৰণ ই শৰীৰত ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱ প্ৰতিহত কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। তৈলপামৰ পুষ্টিকৰ গুণসমূহে বিভিন্ন খাদ্য সামগ্ৰীত নিজৰ ব্যৱহাৰত অৰিহণা যোগায়, লগতে খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰে আৰু সামগ্ৰিক সুস্থতাৰ প্ৰসাৰিত কৰে।