বেংগালুৰুত অনুষ্ঠিত ৰোমাঞ্চকৰ গ্ৰেণ্ড ফিনালেৰ জৰিয়তে উদ্বোধনী ছিজনৰ চিয়েট আইএছআৰএলৰ সামৰণি

বেংগালুৰুত অনুষ্ঠিত হোৱা শ্বাসৰুদ্ধকৰ গ্ৰেণ্ড ফিনালেৰ জৰিয়তে চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ উদ্বোধনী ছিজনৰ সামৰণি ঘটিছে। ফিনালেত দক্ষতা আৰু উল্লাসজনক দৃঢ়তাৰে নিজৰ প্ৰশংসনীয় প্ৰদৰ্শনেৰে ঘৰুৱা দল বিগৰক মটৰস্প’ৰ্টে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। বিগৰকে আত্মপ্ৰকাশ কৰিয়েই উদ্বোধনী চিয়েট আইএছআৰএল ছিজনৰ চেম্পিয়ন হিচাপে নিজৰ স্থান সোণালী আখৰেৰে লিপিবদ্ধ কৰে।

কাৱাছাকিত আৰোহণ কৰি তাৰকা এথলীট মেট মছে ৪৫০ চিচি আন্তঃৰাষ্ট্ৰীয় ৰেচত প্ৰথম স্থান দখল কৰি প্ৰকৃত ছুপাৰক্ৰছ চেম্পিয়ন হিচাপে নিজৰ স্থান সুদৃঢ় তুলিলে। ২৫০খন আন্তঃৰাষ্ট্ৰীয় ৰেচত বিগৰক মটৰস্প’ৰ্টছৰ ৰিড টেইলৰে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে কাৱাছাকি চলোৱা বিগৰক মটৰস্প’ৰ্টছৰ থানাৰট পেঞ্জনে ২৫০ চিচি ইণ্ডিয়া এছিয়া মিক্স শাখাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। বেংগালুৰুৰ গ্ৰেণ্ড ফিনালেত ৮০০০+ ৰো অধিক দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল, দৰ্শকৰ এই অভূতপূৰ্ব সঁহাৰিয়ে ছিজনটোত এক নতুন গোলকীয় অভিলেখ গঢ়িলে। ৰেচিং সমুখৰ পৰা উপভোগ কৰাটো যথেষ্ট ৰোমাঞ্চকৰ আছিল, য’ত তীব্ৰ গতিৰ একচন, দুঃসাহসী কৌশল আৰু দৃষ্টিনন্দন সমাপ্তি দেখিবলৈ পাইছিল দৰ্শকসকলে।

এই অনুষ্ঠানে ভাৰতীয় মটৰস্পৰ্টত এক নতুন অধ্যায় সূচনা কৰিলে, কিয়নো প্ৰতিযোগিতাখনত সমগ্ৰ বিশ্বৰ ৰেচিং উৎসাহী-অনুৰাগী, বিশিষ্ট অতিথি আৰু শীৰ্ষ স্থানৰ ৰাইডাৰসকল একত্ৰিত হৈছিল। এই আকৰ্ষণীয় প্ৰতিযোগিতাখনৰ বিষয়ে লিলেৰিয়া গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ আৰু চিয়েট আইএছআৰএলৰ সহ-প্ৰতিষ্ঠাপক বীৰ পেটেলে উত্সাহেৰে কয় যে, “চিয়েট আইএছআৰএলৰ হৈ আমি সকলো বিজয়ী আৰু অংশগ্ৰহণকাৰীসকলক নিজৰ দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে অভিনন্দন জনাইছোঁ, এইসকল বিজয়ী আৰু অংশগ্ৰহণকাৰীৰ বাবেই উদ্বোধনী ছিজন সফল হৈছে আৰু এই প্ৰদৰ্শন আৰু ফলাফল সামূহিক দৃষ্টিভংগীৰ এয়া এক প্ৰমাণ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *