উত্তৰ-পূৰ্বাঞ্চলত হ্ৰাস পাইছে উগ্ৰপন্থীৰ ঘটনা: ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মু

নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট অধিবেশন আজিৰে পৰা আৰম্ভ হয়। এইখন অন্তবৰ্তীকলীন বাজেট অধিবেশন, য’ত ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে তেওঁলোকৰ অন্তিমখন বাজেট সদনত দাখিল কৰিব। এই বাজেট অধিবেশন ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে দুয়োখন সদনক সম্বোধন কৰি আগবঢ়োৱা অভিভাষণৰে আৰম্ভ হয়। য’ত ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে কয় যে সন্ত্ৰাসবাদ হওঁক বা সম্প্ৰসাৰণবাদ হওঁক, দেশৰ সেনাই উচিত প্ৰত্যুত্তৰ দি আছে। জম্মু আৰু কাশ্মীৰত শান্তিৰ পৰিবেশ উভতি আহিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী ঘটনাও যথেষ্ট হ্ৰাস পাইছে। ভাষণৰ সময়ত ৰাষ্ট্ৰপতিয়ে চৰকাৰৰ কাম-কাজৰ বিৱৰণ দিয়ে।

উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আৰু লোকসভাৰ লগতে ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা আইন গৃহীত হোৱাৰ কথা উল্লেখ কৰি তেওঁ ঘোষণা কৰে যে পৰীক্ষাত হোৱা অসদাচৰণ সম্পৰ্কে যুৱসকলৰ উদ্বেগৰ বিষয়ে চৰকাৰ অৱগত। তেওঁ ইয়াক বন্ধ কৰিবলৈ এখন আইন প্ৰস্তুত কৰিব। নতুন দিল্লীৰ নতুন সংসদ ভৱনত তেওঁৰ প্ৰথম ভাষণত তেওঁ কয় যে ইয়াত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ গোন্ধ আছে। এখন দেশে অতীতৰ প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিলেহে দ্ৰুত গতিত আগবাঢ়িব পাৰে আৰু ভৱিষ্যত গঢ়িবলৈ সৰ্বাধিক শক্তি নিয়োজিত কৰে। যোৱা ১০ বছৰত দেশখনে এনে প্ৰকল্প সম্পূৰ্ণ হোৱা দেখিছে, যাৰ বাবে দেশবাসী কেইবা দশক ধৰি অপেক্ষা কৰি আছিল। ৰাষ্ট্ৰপতিয়ে আৰু কয় যে ‘অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ আকাংক্ষা বহু শতাব্দী ধৰি আছিল যিটো সঁচা হৈছে’।

দেশৰ অৰ্থনৈতিক পৰিস্থিতি সন্দৰ্ভত দ্ৰৌপদী মুৰ্মুৱে লগতে কয় যে সমগ্ৰ বিশ্বৰ গুৰুতৰ সংকটৰ মাজত ভাৰত হৈছে দ্ৰুততম বিকাশশীল অৰ্থনীতি আৰু যোৱা একেৰাহে দুটা ত্ৰিমাহত দেশৰ বিকাশৰ হাৰ হৈছে চাৰে সাত শতাংশ। ভাৰতক আগতে বিশ্বৰ পাঁচটা দুৰ্বল অৰ্থনীতিত অন্তৰ্ভুক্ত কৰা হৈছিল, যি এতিয়া বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হৈ পৰিছে। কেন্দ্ৰৰ অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ‘সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰ’ চৰকাৰৰ এক নিৰন্তৰ ধাৰাবাহিকতা হৈ আহিছে। তেওঁ মহিলা সংৰক্ষণ আইন গৃহীত হোৱাৰ কথাও উল্লেখ কৰি কয় যে নাৰী শক্তি বন্দন আইন গৃহীত কৰাৰ বাবে মই সদস্যসকলক অভিনন্দন জনাইছো। ই মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে মোৰ চৰকাৰৰ সংকল্পক শক্তিশালী কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *