এইবাৰেই শেষ! ইয়াৰ পিছত আৰু ভাৰতত অনুষ্ঠিত নহয় নিৰ্বাচন। এই দাবীৰে দেশৰ জনতাক এক বিশেষ আহ্বান জনাইছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে। ওড়িশাত দলীয় নেতা-কৰ্মীক সম্বোধন কৰি প্ৰদান কৰা ভাষণত দিল্লীৰ শাসকীয় নৰেন্দ্ৰ মোদী চৰকাৰক কঠোৰ সমালোচনা কৰি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে এইবাৰেই দেশত শেষবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। দেশবাসীয়ে এইবাৰেই শেষবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতেও তুলনা কৰে।
ইফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইণ্ডিয়াক বিশ্বাসঘাতকতা কৰি এন ডি এত চামিল হোৱাক লৈও ক্ষোভ জাহিৰ কৰি খাৰ্গেয়ে কয়, ”পৰহি আমাৰ এজন নেতাক লৈ গ’ল, এজন এজন নেতাক চমন দিয়া হ’ল৷ বিৰোধীৰ নেতাক ভয় খুওৱা হৈছে, ধমক দিয়া হৈছে। কংগ্ৰেছৰ সৈতে বন্ধুত্ব নেৰিলে আমি চাই ল’ম বুলি কয়৷ ভয়তে কোনোবাই বন্ধুত্ব এৰি দিছে, কোনোৱে দল এৰি গৈছে, কোনোৱে মিত্ৰতা এৰি গৈছে৷’’
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে পুনৰ কয়, ”যদি এনে ভয়াতুৰ লোক এইখন দেশত থাকে তেন্তে এইখন দেশ থাকিব নে? এই সংবিধান, গণতন্ত্ৰ থাকিবনে? ভোট দিয়াৰ বাবে এইবাৰ শেষবাৰ সুবিধা পাইছে৷ ইয়াৰ পাছত কোনোৱে ভোট দিব নোৱাৰিব৷ ৰাছিয়াৰ পুটিনৰ দৰে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ তেনেকুৱাই হৈ থাকিব ভাৰতত৷’’
খাৰ্গেয়ে প্ৰধানমন্ত্ৰী মোদীক পুটিনৰ সৈতে তুলনা কৰি মোদীৰ নেতৃত্বত বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰিলে দেশ একনায়কত্ব আৰু স্বৈৰাচাৰী শাসনত পৰিণত হ’ব বুলি দাবী কৰে। এটা সংবাদ সংস্থাক দিয়া প্ৰতিক্ৰিয়াত খাৰ্গেয়ে আৰু কয় যে লোকসভা নিৰ্বাচনত যদি মোদী শাসনলৈ আহে, তেন্তে ভাৰতত আৰু গণতন্ত্ৰ জীয়াই নাথাকিব, নিৰ্বাচন অনুষ্ঠিত নহ’ব।
প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী নেতালৈ ইডিৰ জাননী প্ৰেৰণ কৰি সকলোকে ভয় খুওৱা বুলি মন্তব্য কৰি বিজেপি আৰু আৰএছএছক ‘বিষাক্ত’ বুলি অভিহিত কৰে৷ আৰ এছ এছক বিজেপিৰ মেৰুদণ্ড বুলি অভিহিত কৰি তেওঁ কয় যে আৰ এছ এছ আৰু বিজেপিয়ে দেশত ঘৃণা বিয়পাইছে। কিন্তু ইয়াৰ বিপৰীতে ৰাহুল গান্ধীয়ে সমগ্ৰ দেশত একত্ৰিত কৰি প্ৰেম আৰু ভাতৃত্ববোধ প্ৰসাৰৰ কাম কৰিছে।