৩ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৩ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

খবৰ অনুসৰি ৰাজ্যখনৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু বৃদ্ধিৰ পোষকতাৰ লক্ষ্যৰে কেইবা কোটি মূল্যৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব মোদীয়ে।

৩ ফেব্ৰুৱাৰীত যোৰহাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। য’ত তেওঁ ১২৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব।

পিছদিনা ৪ ফেব্ৰুৱাৰীত খানাপাৰাত এখন বিশেষ ৰাজহুৱা সভা অনুষ্ঠিত হ’ব, য’ত ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰা হ’ব।

ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কামাখ্যা মন্দিৰৰ কৰিড’ৰ আৰু আলাবৈৰ বেটেলৰ স্মৃতিত নিৰ্মাণ কৰা এখন উদ্যানো উদ্বোধন কৰিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *