কোটাকে আৰম্ভ কৰিছে ছিমলেছ জিএছটি পেমেণ্ট

কোটক মহিন্দ্ৰা বেংক লিমিটেডে(কেএমবিএল) আৰম্ভ কৰিছে এক ছিমলেছ জিএছটি পেমেণ্ট ব্যৱস্থা, যাৰ ফলত গ্ৰাহকসকলে বৰ্তমানৰ নেট বেংকিং বিকল্পৰ উপৰিও ইউপিআই, ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডকে ধৰি একাধিক পেমেণ্ট বিকল্পৰ জৰিয়তে জিএছটিৰ দায়বদ্ধতা বা প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰিব। ই কেন্দ্ৰৰ জিএছটি পৰ্টেলৰ সৈতে কোটাকৰ প্ৰথম একত্ৰিকৰণক চিহ্নিত কৰিছে, যিয়ে নেট বেংক সেৱাৰ জৰিয়তে কৰ পূৰণৰ বাবে ব্যৱহাৰকাৰী-অনুকূল প্লেটফৰ্ম প্ৰদান কৰিছে।

ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিক সহায় কৰাৰ বাবে প্ৰতিনিয়ত দায়বদ্ধ হৈ থকা বেংকটোৱে বিভিন্ন পদক্ষেপৰ জৰিয়তে ডিজিটেল বজাৰৰ প্ৰচাৰ-প্ৰসাৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।কোটাকৰ ৰাজহুৱা পৰিক্ৰমা আৰু চৰকাৰী ব্যৱসায় খণ্ডৰ অধ্যক্ষ ৰাঘৱেন্দ্ৰ সিঙে ডিজিটেল পেমেণ্টৰ ভৱিষ্যতৰ পথ প্ৰশস্ত কৰাত বেংকৰ ভূমিকাক প্ৰশংসা কৰিছে।

কেএমবিএলৰ পেমেণ্ট গেটৱেৰ জৰিয়তে জিএছটি পৰিশোধ কৰিবলৈ গ্ৰাহকে www.gst.gov.inত লগ ইন কৰি চালান প্ৰস্তুত কৰিব পাৰে, ই-পেমেণ্ট বাছনি কৰিব পাৰে, একাধিক পেমেণ্ট বিকল্পৰ পৰা বাছি ল’ব পাৰে আৰু কোটক মহিন্দ্ৰা বেংক নিৰ্বাচনৰ লগতে পৰিশোধ কৰিবও পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *