ছেবি অধ্যক্ষই আৰম্ভ কৰিলে চিডিএছএলৰ বহুভাষিক পদক্ষেপৰ

137

এছিয়াৰ প্ৰথমটো তালিকাভুক্ত জমাকৰ্তা চেণ্ট্ৰেল ডিপ’জিটৰী চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেডে (চিডিএছএল) ৰূপালী জয়ন্তী উদযাপনৰ লগতে মূলধনী বজাৰত সৰ্বাংগীনতা(ইনক্লুছিভিটী) আৰু অভিগম্যতা(এক্সেচিবিলিটী)ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে দুটা বহুভাষিক পদক্ষেপ আৰম্ভ কৰিছে। ২০২৪ চনৰ ১৭ জানুৱাৰীত অনুষ্ঠিত ৰূপালী জয়ন্তী অনুষ্ঠানত ছেবিৰ অধ্যক্ষা মাধৱী পুৰী বুচে এই পদক্ষেপসমূহ শুভাৰম্ভ কৰে।

ৰূপালী জয়ন্তী অনুষ্ঠানত ভাষণ প্ৰদান কৰি এমডি এণ্ড চিইঅ’ নেহাল ভোৰাই কয় যে, “আমি আমাৰ অবিশ্বাস্য যাত্ৰাৰ ২৫ বছৰ উদযাপন কৰাৰ সময়ত ছেবি অধ্যক্ষাৰ চিডিএছএলৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ আৰম্ভ কৰাটো আমাৰ বাবে সুকীয়া সন্মান।” চিডিএছএলে প্ৰৱৰ্তন কৰিছে বহুভাষিক চিএএছ, যাৰ জৰিয়তে বিনিয়োগকাৰীয়ে ২৩টা ভাৰতীয় ভাষাৰ ভিতৰত যিকোনো এটা পছন্দৰ ভাষাত নিজৰ ষ্টেটমেণ্ট লাভ কৰিব পাৰিব। এই ‘আপকা চিএএছ – আপকি জুবানী’ পদক্ষেপে বিনিয়োগকাৰীৰ বাবে উপলব্ধতা সহজ কৰি তোলে।

ইয়াৰ উপৰিও যোগাযোগৰ প্ৰতিবন্ধকতাসমূহ নোহোৱা কৰিবলৈ আৰু বিনিয়োগকাৰীসকলক ২৪ ঘণ্টাই সহায় কৰিবলৈ চিডিএছএল ৱেবছাইটত এটা অনন্য বহুভাষিক চেটবট ‘চিডিএছএল বাড্ডি সাহায়তা ২৪*৭’ উপলব্ধ। এই চেটবটৰ লক্ষ্য হৈছে ছিকিউৰিটি বজাৰত বিনিয়োগকাৰীৰ স্বনিৰ্ভৰশীলতাৰ দিশত যাত্ৰা সৰল কৰা “পুঁজি বজাৰত ডিজিটেল ট্ৰাষ্ট পুনৰ কল্পনা কৰক” শীৰ্ষক গৱেষণাত চিডিএছএলে ডিজিটেল বিশ্বাসৰ তাৎপৰ্য আৰু পৃথিৱীৰ বিত্তীয় ব্যৱস্থাৰ আন্তঃসংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।এই  গৱেষণা পত্ৰখনে কেপিএমজিৰ সৈতে সংগতি ৰাখি উৎপাদিত এই উপাদানসমূহ বুজি পোৱাৰ তাৎপৰ্যৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিছে। সমগ্ৰ দেশৰ ২৫খন চহৰত বিত্তীয় সাক্ষৰতাক প্ৰসাৰিত কৰাৰ উদ্দেশ্যৰে চিডিএছএলে “নীভ” অভিযান আৰম্ভ কৰিছে, যি হৈছে ২৫খন চহৰৰ সৰ্বভাৰতীয় বিত্তীয় সাক্ষৰতা অভিযান।