অসমৰ জোঁৱাই হওঁক ৰাহুল গান্ধী! ন্যায় যাত্ৰাৰ মাজতে এই পৰামৰ্শ বদৰুদ্দিন আজমলৰ

63

অসমত এগৰাকী উপযুক্ত পাত্ৰীৰ সন্ধান কৰি অসমৰ জোঁৱাই হ’বলৈ ৰাহুল গান্ধীক পৰামৰ্শ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা অসমত চলি থকাৰ সময়তে এই পৰামৰ্শ আগবঢ়ায় আজমলে।

শিলচৰত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আজমলে কয়, ‘শেহতীয়া নিৰ্বাচন হোৱা ৰাজ্যসমূহত কংগ্ৰেছে ভাল কাম কৰিব বুলি আশা কৰি গান্ধীয়ে দেশজুৰি ভ্ৰমণ কৰিছিল। কিন্তু দলটোৱে গুৰুতৰ হতাশাৰ সন্মুখীন হ’বলগীয়া হ’ল৷ অৱশ্যে এই কথাটোও আমি চাব লাগিব যে গান্ধী এজন সুদৰ্শন ব্যক্তি আৰু চেহেৰাতো যথেষ্ট পৰিপক্ক হৈছে। আমি তেওঁক অসমলৈ আদৰণি জনাইছো। তেওঁৰ বাবে মোৰ পৰামৰ্শ হ’ব যিকোনো উপযুক্ত যুৱতী এগৰাক বিচাৰি উলিয়াই জীৱন সংগীনীৰ ৰূপত বাছি লওক আৰু অসমৰ মৰমৰ জোঁৱাই হওক।”

ইফালে ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত অনুষ্ঠিত হ’বলগীয়া অভিষেক অনুষ্ঠানৰ পূৰ্বে উদযাপনৰ প্ৰস্তুতিৰ মাজতে এক আমোদজনক পৰিঘটনাত বদৰুদ্দিন আজমলে জনসাধাৰণক, বিশেষকৈ মুছলমানসকলক শান্ত হৈ থাকিবলৈ আৰু কোনো ধৰণে ৰামক বদনাম নকৰিবলৈ আহ্বান জনাইছে।

ধুবুৰীৰ সাংসদগৰাকীয়ে কয়, ‘এয়া আমাৰ সকলোৰে বাবে এক আৱেগিক মুহূৰ্ত আৰু অভিষেক অনুষ্ঠানৰ উদ্যোগ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ দলটোক আমি আদৰণি জনাইছো আৰু অভিনন্দন জনাইছো। আমি স্পষ্টভাৱে বুজি পাওঁ যে এইটো এটা ৰাজনৈতিক পদক্ষেপ আৰু এই বছৰ অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ পূৰ্বে এক এজেণ্ডা। অৱশ্যে আমি এই উন্নয়নক আদৰণি জনাই ৰাইজক, বিশেষকৈ আমাৰ মুছলমান ভাইসকলক আহ্বান জনাইছো যে কোনো ধৰণৰ ৰামক বদনাম কৰা কোনো কামত লিপ্ত নহ’ব আৰু যিকোনো মূল্যৰ বিনিময়ত শান্তি-সম্প্ৰীতি বজাই ৰাখিব। বিশৃংখলতা আৰু ঘৃণা ৰামৰ পথ নাছিল আৰু সেয়েহে আমি সকলোৱে মেগা ইভেণ্টটোক আদৰি ল’ব লাগিব।”