ৰাহুল গান্ধী এটা এলিয়েনঃ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়া

ৰাহুল গান্ধীক এলিয়েন আখ্যা বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ কৰি হাজোৰ বিধায়িকাগৰাকীয়ে সমালোচনা কৰে ৰাহুল গান্ধীক। বিধায়িকাগৰাকীয়ে কয়, ‘‘ৰাহুল গান্ধী এটা এলিয়েন। ৰাহুল গান্ধী কোন গ্ৰহৰ পৰা আহিছে গম নাপাওঁ। আজি আছে কাইলৈ আকৌ উৰি যাব নিজৰ গ্ৰহলৈ।’’

হাজোৰ গণেশ মন্দিৰত অনুষ্ঠিত স্বচ্ছ তীৰ্থ অভিযানৰ অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই। দলীয় কৰ্মীৰ লগতে জিলা বিজেপিৰ সভাপতি সুবল পাল সহিতে হাতত ঝাড়ু লৈ স্বচ্ছ তীৰ্থ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই।

উল্লেখযোগ্য যে জনতাৰ কাষ চপাৰ উদ্দেশ্যে কংগ্ৰেছে দেশজুৰি আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা। পূবৰ পৰা পশ্চিমলৈ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে এই যাত্ৰা। মণিপুৰৰ পৰা আৰম্ভ কৰা এই যাত্ৰা বৰ্তমান অসমত প্ৰৱেশ কৰিছে। বৃহস্পতিবাৰে নাগালেণ্ড হৈ শিৱসাগৰত প্ৰৱেশ কৰা ৰাহুল গান্ধীয়ে আজি ভ্ৰমণ কৰে মাজুলী। মাজুলীৰ আউনীআটি সত্ৰত সত্ৰাধিকাৰৰ সৈতে মত-বিনিময় কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *