ভায়াকম18ক ষ্ট্ৰীমিং আৰু সম্প্ৰচাৰ অংশীদাৰ হিচাপে ঘোষণা চিয়েট আইএছআৰএলৰ

চিয়েট আইএছআৰএলে ভায়াকম18ক নিজৰ একচেটিয়া ষ্ট্ৰীমিং আৰু সম্প্ৰচাৰ অংশীদাৰ হিচাপে ঘোষণা কৰিছে, এই অংশীদাৰিত্বৰ জৰিয়তে ছুপাৰক্ৰছ ৰেচিঙৰ উত্তেজনা দেশজুৰি অনুৰাগীৰ মাজলৈ যোৱাটো নিশ্চিত কৰা হৈছে। এই লীগে উদ্বোধনী ছিজনৰ বাবে মাষ্টাৰ কেলেণ্ডাৰ উন্মোচন কৰিছে, সেই অনুসৰি ভাৰতৰ পুনে, আহমেদাবাদ আৰু দিল্লীত তিনিখন ৰেচ অনুষ্ঠিত হ’ব। এই সহযোগিতাৰ উদ্দেশ্য হৈছে ছুপাৰক্ৰছ ৰেচিঙৰ হৃদয়স্পৰ্শী আৰু স্পন্দনশীল ক্ষণসমূহ সমগ্ৰ দেশৰ লাখ লাখ অনুৰাগীৰ মাজলৈ লৈ যোৱা, যাতে এক অভূতপূৰ্ব দৰ্শনৰ অভিজ্ঞতা নিশ্চিত কৰা হয়।

ছিজন ৱানৰ মাষ্টাৰ কেলেণ্ডাৰত পুনে (শ্ৰী শিৱ ছাত্ৰপতি স্পৰ্টছ কমপ্লেক্স, বালেৱাড়ি, ২৮ জানুৱাৰী ২০২৪), আহমেদাবাদ (ইকেএ এৰেনা, ট্ৰেন্সষ্টেডিয়া, ১১ ফেব্ৰুৱাৰী ২০২৪) আৰু দিল্লী (২৫ ফেব্ৰুৱাৰী ২০২৪)ত ৰেচৰ স্থান নিৰ্ধাৰণ কৰা হৈছে।চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক  বীৰ পেটেলে কয় যে এই অংশীদাৰিত্বৰ জৰিয়তে ভাৰতত চুপাৰক্ৰছ ৰেছিঙৰ প্ৰচাৰ-প্ৰসাৰ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ ইংগিত বহন কৰিছে। ভায়াকম18ৰ সৈতে চিয়েট আইএছআৰএলৰ অংশীদাৰিত্বই জিঅ’ চিনেমাত ৰেচৰ ষ্ট্ৰীমিং বা প্ৰচাৰৰ সুবিধা প্ৰদান কৰিব, যিয়ে লাখ লাখ লোকৰ কাষলৈ লৈ যোৱাত সহায় কৰিব।

ইয়াৰ সুবাদত ভাৰতীয় অনুৰাগী বা ৰেচ ভাল পোৱা দৰ্শকসকলো নিজৰ পচন্দৰ ডিভাইচবোৰত সকলো লাইভ একচন বা পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰিব পাৰিব। ইয়াৰ লগতে এই লীগৰ ৰেচসমূহ স্পৰ্টছ18 নেটৱৰ্কতো লাইভ সম্প্ৰচাৰ কৰা হ’ব, যাৰ ফলত দৰ্শকৰ সংখ্যা বৃদ্ধি পাব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *