নিজৰ বৃদ্ধি দুগুণ কৰাৰ লক্ষ্য টাটা ষ্টাৰবাকছৰ

টাটা ষ্টাৰবাকছ প্ৰাইভেট লিমিটেডে ২০২৮ৰ ভিতৰত দেশত ১০০০টা ষ্ট’ৰ শুভাৰম্ভ কৰাৰ উচ্চাকাংক্ষাৰ কথা ঘোষণা কৰিছে অৰ্থাৎ প্ৰতি ৩ দিনৰ মূৰে মূৰে এটা নতুন ষ্ট’ৰ মুকলি কৰিব। এই ৰণকৌশলটোৱে স্থানীয় অংশীদাৰসকলক নিয়োগৰ বাবে দক্ষতা প্ৰদান, উন্নত মানদণ্ডৰ অভিজ্ঞতাসম্পন্ন গ্ৰাহকক সেৱা আগবঢ়োৱা নতুন ষ্ট’ৰ মুকলি কৰা আৰু বিশ্বজুৰি ষ্টাৰবাকছৰ গ্ৰাহকসকলক ভাৰতীয় মূলৰ কফিৰ প্ৰচাৰ কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।

কফিৰ ক্ষেত্ৰত ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম দেশ হিচাপে পৰিগণিত হোৱাৰ প্ৰকল্প কৰা হৈছে, যাৰ ফলত ই ষ্টাৰবাকছৰ বাবে বিকাশৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈ পৰিব। ষ্টাৰবাকছ কফি কোম্পানী আৰু টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ মাজত ৫০:৫০ অনুপাতত যৌথ উদ্যোগৰ জৰিয়তে টাটা ষ্টাৰবাকছে এতিয়া ভাৰতৰ ৫৪খন চহৰৰ ৩৯০টাতকৈও অধিক ষ্ট’ৰত মুকলিৰ বাবে কাম কৰি আছে। অহা ২০২৮ৰ ভিতৰত ১০০০ ষ্ট’ৰৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰতিষ্ঠানটোৱে নিজৰ কৰ্মশক্তি দুগুণ কৰি প্ৰায় ৮,৬০০ অংশীদাৰিত্ব গঢ়ি তুলিব। কোম্পানীটোৱে এই বৰ্ষতে দ্বিতীয়টো ষ্টাৰবাকছ ৰিজাৰ্ভ® ষ্ট’ৰ মুকলি কৰিব, যিয়ে প্ৰিমিয়াম কফি অভিজ্ঞতাৰ প্ৰতি প্ৰৱণতা থকা কফি অনুৰাগীৰ বৰ্ধিত আকাংক্ষাৰ চাহিদাৰ সৈতে মোকাবিলা কৰিব।

টাটা ষ্টাৰবাকছে ভাৰতৰ অংশীদাৰসকলৰ কল্যাণৰ বাবেও বিনিয়োগ আৰু ন্যায়সংগত বিকাশৰ সুযোগ সৃষ্টি কৰিছে। নিজৰ শীদাৰসকলৰ বাবে বজাৰৰ প্ৰথমটো খাদ্য আৰু পানীয় প্ৰতিষ্ঠান হিচাপে পাঁচদিনীয়া কৰ্মসপ্তাহ স্থাপন কৰিছে। এই বিষয়ে টাটা ষ্টাৰবাকছৰ মুখ্য কাৰ্যবাহী বিষয়া সুশান্ত দাসে কয় যে, “‘তৃতীয় স্থান’ৰ পুনৰ কল্পনা কৰা আৰু আমাৰ কফিৰ উপস্থিতি বৃদ্ধিৰে আমি বিশেষভাৱে মনোনিৱেশ কৰিছোঁ আৰু অংশীদাৰসকলৰ সৈতে সংযুক্ত হৈ আমি ভাৰতত অধিক সমৃদ্ধিৰ অনুঘটক হিচাপে কাম কৰিবলৈ সাজু হৈছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *