কৰিমগঞ্জত আৰক্ষীৰ অভিযানত ৫০ লাখ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ, এজনক আটক

শুকুৰবাৰে কৰিমগঞ্জৰ সৰগোলা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অটোৰিক্সা এলেকাত অভিযান চলাই আৰক্ষীয়ে ৫০ লাখ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

সূত্ৰ অনুসৰি আৰক্ষীৰ এটা দলে এ এছ ১০ চি ২৯৪০ নম্বৰ এখন অটোৰিক্সাত তালাচী চলাই ৪৮টা পেকেটত লুকাই ৰখা বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিয়াজ উদ্দিন নামৰ অটোৰিক্সা চালকজনৰ পৰা উদ্ধাৰ কৰা হৈছে ১০৬০ কিলোগ্ৰাম ওজনৰ প্ৰায় ৯৬০০ য়াবা টেবলেট।

কৰিমগঞ্জ সদৰ আৰক্ষীয়ে জেৰাৰ বাবে আটক কৰে নিয়াজ উদ্দিনক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *