কুকুৰৰ কামোৰৰ বলি হোৱা ব্যক্তিক ক্ষতিপূৰণ দিব লাগিব এইখন ৰাজ্যই, গুৰুত্বপূৰ্ণ নিৰ্দেশ আদালতৰ

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে কুকুৰে কামোৰৰ বলি হোৱা লোকৰ সপক্ষে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়। আদালতে কয় যে বাটৰ কুকুৰ আৰু অন্যান্য মালিকানাধীন জীৱ-জন্তুৱে কামোৰাৰ ক্ষেত্ৰত “প্ৰাথমিক দায়বদ্ধতা” ‘ৰাষ্ট্ৰ’ৰ ওপৰত। ইয়াৰ বাহিৰেও আদালতে কয় যে কামোৰাৰ ঘা হ’লে প্ৰতিটো দাঁতৰ দাগত ১০ হাজাৰ টকা আৰু ০.২ চে.মি.ৰ ঘাঁৰ বাবে নূন্যতম ২০ হাজাৰ টকা ক্ষতিপূৰণ দিব লাগে। শেহতীয়াকৈ এই সন্দৰ্ভত ১৯৩ খন আৱেদন দাখিল কৰা হৈছে।

পোহনীয়া কুকুৰ হওক, বা ৰাজপথৰ মালিকহীন কুকুৰ হওক, বাটৰ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাত পোৱাৰ ঘটনা নতুন নহয়। কুকুৰৰ আক্ৰমণত মৃত্যুৰ ঘটনাও সংঘটিত হৈছে। অক্টোবৰ মাহত কুকুৰে খেদি খেদি বাগ বাকৰি চাহ গ্ৰুপৰ কাৰ্যবাহী বিষয়া পৰাগ দেশাই (৪৯)ক আক্ৰমণ কৰাৰ ফলত ইন্ট্ৰাচেৰিব্ৰেল ৰক্তক্ষৰণৰ ফলত তেওঁৰ মৃত্যু হয়। সেই ঘটনাৰ পিছত পুনৰ মানৱ অধিকাৰ সংগঠনসমূহে দেশৰ বিভিন্ন আদালতত আবেদন জনায়। ইয়াৰ বাহিৰেও বহুতে ছচিয়েল মিডিয়াত এই বিষয়ে মত ব্যক্ত কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *