বিশ্বকাপৰ ছেমি ফাইনেলক লৈ টিকটৰ ক’লা বজাৰ! মুম্বাই আৰক্ষীৰ গ্ৰেপ্তাৰ দুজনক

এটা টিকটৰ দাম ডেৰ লাখৰ পৰা দুই লাখ টকা পৰ্যন্ত! ক’ৰবাত এক লাখ টকাৰ টিকট বিক্ৰী কৰা হৈছে টিকট। মুম্বাইৰ ক’লা বজাৰত ব্যাপক হাৰত বিক্ৰী হৈ আছে আই চি চি বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলৰ টিকট। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰা মেচৰ টিকটো উদ্ধাৰ কৰা হয়। ক্ৰিকেট প্ৰেমীসকলক টিকট ক্ৰয় কৰাৰ সময়ত সাৱধান হ’বলৈ অনুৰোধ জনাইছে আৰক্ষীয়ে। প্ৰসংগক্ৰমে বুধবাৰে ৱাংখেড়ে ষ্টেডিয়ামত বিশ্বকাপৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ ক্ৰিকেট দল।

এই খেলৰ পূৰ্বে মুম্বাই আৰক্ষীৰ সূত্ৰ অনুসৰি আকাশ কোথাৰী নামৰ এজন ব্যক্তিক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ বিশ্বকাপৰ ছেমি ফাইনেলৰ টিকট নিৰ্দিষ্ট মূল্যতকৈ চাৰি-পাঁচগুণ বেছিকৈ বিক্ৰী কৰি আছিল। আকাশে টিকটৰ বাবে ডেৰ-দুই লাখ টকা পৰ্যন্ত লৈছিল। হোৱাটছএপৰ জৰিয়তে চলি আছিল এই ক’লা বজাৰ। আকাশক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে যে ক’লা বজাৰৰ চক্ৰটোত আৰু কোনোবা আছে নেকি।

পিছদিনা মুম্বাইৰ পৰা ধৰা পৰিল আন এজন ব্যক্তি। ৰোশন গুৰুবাখছানী নামৰ এজন ব্যক্তিয়ে ছেমি ফাইনেল খেলখনৰ টিকট ১ লাখ ২০ হাজাৰ টকাত বিক্ৰী কৰি আছিল। আৰক্ষীয়ে তেওঁৰ পৰা উদ্ধাৰ কৰে দুখন টিকট। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে ক’লা বজাৰত অভিযুক্ত দুজনৰ মাজত কোনো সম্পৰ্ক আছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এনে পৰিস্থিতিত মুম্বাই আৰক্ষীৰ উপ আয়ুক্ত প্ৰবীণ মুণ্ডেয়ে ক্ৰিকেট প্ৰেমীসকলক টিকট ক্ৰয় কৰাৰ সময়ত সাৱধান হ’বলৈ কয়।

কাকতলীয়াকৈ ক’বলৈ গ’লে চলিত বিশ্বকাপৰ টিকট সন্দৰ্ভত ক’লা বজাৰৰ এয়া প্ৰথম অভিযোগ নহয়। কলকাতাত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ খেলখনতো ব্যাপক ক’লা বজাৰৰ অভিযোগ উত্থাপন হৈছিল। কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কমেও ২২ জন লোকক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *