অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু ডব্লিউ ডব্লিউ এফৰ যৌথ উদ্যোগত স্থাপন কৰা এখন ঋতুসাপেক্ষ, এডলীয়া তাঁৰযুক্ত সৌৰশক্তি-চালিত বেৰে অসমৰ কামৰূপ জিলাৰ মিৰ্জাৰ সমীপৱৰ্তী মালিয়াটা অঞ্চলত ২০ হেক্টৰ শস্য ভূমি ব্যাপি থকা পকা ধান এজাক বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিছে ।

আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে কয়, “ঋতুসাপেক্ষ সৌৰ বেৰক মানৱ-হাতী সংঘাত (এইচ ই চি) প্ৰৱণ অঞ্চলত ধান খেতিৰ সুৰক্ষাৰ এক নতুন পদ্ধতি হিচাপে গ্ৰহণ কৰা হৈছে। ধান চপোৱাৰ পাছত এই একক তাঁৰযুক্ত সৌৰশক্তিচালিত বেৰবোৰ আঁতৰাই পেলোৱা হয় যাতে গোটেই বছৰজুৰি বনৰীয়া হাতীৰ চলাচল বাধাগ্ৰস্ত নহয় । আমি এতিয়ালৈকে পূব অসমৰ বহু অঞ্চলত এই ব্যৱস্থা ব্যাপকভাৱে প্ৰয়োগ কৰিছোঁ” ।

মিৰ্জাৰ সমীপৰ মালিয়াটা অঞ্চলত শস্য চপোৱাৰ সময়ৰ আশে-পাশে ১০টা বনৰীয়া হাতীৰ এটা জাকে প্ৰায়ে পথাৰত ধানৰ ক্ষতিসাধন কৰিছিল আৰু শস্য ৰক্ষাৰ বাবে নিদ্ৰাহীন ৰাতি কটোৱা কৃষকসকলক চৰম অসুবিধাত পেলাইছিল ।

বন্যহস্তীৰ জাকটোৰ কোনো ক্ষতি নকৰাকৈ কৃষকৰ পকা ধান ৰক্ষা কৰাৰ উপায় বিচাৰি থকা বন বিভাগৰ অনুৰোধত গোসাইহাট, উপৰপাৰা আৰু দোৱাপাৰাৰ শস্য পথাৰত ধান ৰক্ষা কৰাৰ অৰ্থে আৰণ্যক আৰু ডব্লিউ ডব্লিউ এফে কামৰুপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মালিয়াটা গাঁৱত যোৱা ১ নবেম্বৰত এডাল তাঁৰযুক্ত ঋতুসাপেক্ষ সৌৰ বেৰ স্থাপনৰ কাম হাতত লয় ।

মঙলবাৰে (৭ নবেম্বৰ) এই সৌৰ বেৰৰ এখন সম্প্ৰসাৰণ বেৰ স্থাপন কৰা হয়।

সৌৰ বেৰ স্থাপনৰ সময়ত এই অঞ্চলৰ স্থানীয় কৃষকসকলক আৰণ্যকৰ বিশেষজ্ঞসকলে হতে কামে সহায় কৰে । এক কিলোমিটাৰ দৈৰ্ঘ্যৰ এডাল তাঁৰযুক্ত এই ঋতুসাপেক্ষ সৌৰ বেৰে প্ৰায় ২০ হেক্টৰ মাটিত থকা ধানক ৰক্ষা কৰিব বুলি আশা কৰা হৈছে। এই সৌৰ বেৰৰ দ্বাৰা অঞ্চলটোৰ প্ৰায় ৩০০ ঘৰ লোকো প্ৰত্যক্ষ বা পৰোক্ষভাৱে সুৰক্ষিত হৈছে।

এতিয়া কৃষকসকল সুখী কাৰণ “সৌৰ বেৰ স্থাপনৰ পাছত হাতীয়ে তেওঁলোকৰ ধানৰ ক্ষতি কৰিব নোৱাৰে, এতিয়া তেওঁলোকে সঠিকভাৱে শস্য চপাব পাৰিব”।

গোসাইহাট গাঁৱৰ ডি ডি বড়োৰ নেতৃত্বত শুক্লেশ্বৰ বড়ো, মৃদুল বড়ো, শৰৎ বড়ো, হৰেশ্বৰ বড়োকে ধৰি স্থানীয় কৃষকৰ এটা দলে সৌৰ বেৰ স্থাপনৰ কামত আৰণ্যকৰ দলটোক সহযোগিতা আগবঢ়ায়।

আৰণ্যক আৰু ডব্লিউ ডব্লিউ এফৰ যৌথ সহযোগত সৌৰ বেৰৰ সামগ্ৰীসমূহ যোগাৰ কৰা হৈছে। আৰণ্যকৰ বিষয়া অঞ্জন বৰুৱাই বিজয় কলিতাৰ সৈতে স্থানীয় কৃষকৰ সক্ৰিয় সহযোগত বেৰ স্থাপনৰ কাম তদাৰক কৰে।