২০ কোটি টকা দিয়ক, অন্যথা হত্যা কৰা হ’ব! মুকেশ আম্বানীলৈ পুনৰ ভাবুকি ভৰা ই-মেইল

পুনৰ হত্যাৰ ভাবুকি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীলৈ। আৰক্ষীৰ তথ্য অনুসৰি ই-মেইলৰ জৰিয়তে ভাবুকি প্ৰদান কৰি আম্বানীৰ পৰা দাবী কৰা হৈছিল ২০ কোটি টকা।

আৰক্ষীৰ তথ্য অনুসৰি চলিত সপ্তাহৰ আৰম্ভণিতে মুকেশ আম্বানীয়ে এনে ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰিছিল। ই-মেইলত লিখা আছিল, “২০ কোটি টকা নিদিলে হত্যা কৰা হ’ব। আমাৰ হাতত দেশৰ ভিতৰতে শ্ৰেষ্ঠ শ্বুটাৰ আছে।” ঘটনাৰ পিছতে আম্বানীৰ ঘৰৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকলে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। তেওঁলোকে জানিব পাৰিছে যে যোৱা ২৭ অক্টোবৰত ছাদাব খান নামৰ এজন ব্যক্তিৰ পৰা এই ভাবুকি আহিছিল। এই ভাবুকিৰ আঁৰত কোনো ডাঙৰ গেং আছে নে নাই সেই বিষয়েও তদন্ত চলি আছে।

কিন্তু এইটো প্ৰথম নহয়, যোৱা বছৰ ৰিলায়েন্সৰ অধ্যক্ষগৰাকীক মৃত্যুৰ ভাবুকি প্ৰদানক লৈ যথেষ্ট উত্তেজনা সৃষ্টি হৈছিল। মুকেশ আম্বানীয়ে তেওঁৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতাল আৰু দক্ষিণ মুম্বাইৰ ঘৰ ‘এণ্টিলিয়া’ উৰুৱাই দিয়াৰ ভাবুকি দি ফোন কল লাভ কৰে। আনকি ঘৰৰ বাহিৰত বোমা ৰখাৰ ভাবুকিও দিয়া হৈছে। এই ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰে। আম্বানীৰ ঘৰৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে। অৱশেষত বিহাৰৰ পৰা গ্ৰেপ্তাৰ হয় অভিযুক্তক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *