মৰিগাঁৱৰ একাধিক বনভোজস্থলীত ১৪৪ ধাৰা জাৰি, জানক সৱিশেষ…

মৰিগাঁও জিলা প্ৰশাসনে সন্ধিয়া ৫ বজাৰ পিছত পবিতৰা, চনকা, আমচৈ, চৰণবিল, শিৱকুণ্ড, সীতাজখলাকে ধৰি সকলো বনভোজস্থলীত বনভোজকাৰীয়ে সৃষ্টি কৰিব পৰা অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চি আৰ পি চিৰ ১৪৪ ধাৰা জাৰি কৰিছে।

আনহাতে, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, চনকা, আমচৈ, চৰণবিল, শিৱকুণ্ড, সীতাজখলাকে ধৰি মৰিগাঁও জিলাৰ বিভিন্ন পিকনিক/পৰ্যটনস্থলীত ৰাজহুৱা স্থানত একাংশ মদ্যপান কৰা বনভোজকাৰীয়ে উপদ্ৰৱৰ সৃষ্টি কৰি শান্তি আৰু নিশ্চিন্ততা বিঘ্নিত কৰি অহাৰ খবৰ লাভ হৈছে।

তদুপৰি জৈৱ-বিঘ্নিত নহোৱা প্লাষ্টিক ব্যৱহাৰ আৰু দুষ্কৃতিকাৰীয়ে প্ৰাকৃতিক জলভাগ দূষিত কৰি নদীত আৱৰ্জনা পেলোৱাটোৱেও জলজ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

ইয়াৰ পিছত আইন-শৃংখলা, আৰু জনসাধাৰণৰ শান্তি বজাই ৰাখিবলৈ আৰু মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি ৰোধ কৰাৰ বাবে আৰু লগতে তাত থকা বনাঞ্চল আৰু জীৱ-জন্তুৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

এক অধিসূচনাত মৰিগাঁও উপায়ুক্তই কৈছে, “মোক প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি U/S 144 Cr.P.C.ৰ দ্বাৰা সমগ্ৰ মৰিগাঁও জিলাতে তলত দিয়া কামবোৰ নিষিদ্ধ কৰা হৈছে:-

১) মৰিগাঁও জিলাৰ পবিতৰা, চনকা, আমচৈ, চৰণবিল, শিৱকুণ্ড, আৰু সীতাজখলা আদি সকলো পিকনিক স্থানত বিয়লি ৫.০০ বজাৰ পিছত পিকনিক বা ভোজৰ উদ্দেশ্যে মানুহৰ সমাগম নিষেধ কৰা।

২) পিকনিক স্থান আৰু ইয়াৰ আশে-পাশে নন-বায়’ডিগ্ৰেডেবল প্লাষ্টিক আৰু অন্যান্য প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ বা পেলোৱা।

৩) পিকনিক স্পট আৰু আশে-পাশে হাই-ভলিউম লাউডস্পীকাৰ, ডিজে, পি এ চিষ্টেম, মাইক আদি ব্যৱহাৰ কৰা।

৪/ পিকনিক স্পট আৰু ইয়াৰ আশে-পাশে মদ্যপান বিক্ৰী কৰা, আৰু কিনা।

৫) পিকনিকৰ ঠাই আৰু ইয়াৰ আশে-পাশে আৱৰ্জনা পেলোৱা আৰু মুকলিকৈ শৌচ কৰা।

তদুপৰি এই আদেশৰ দ্বাৰা ক্ষতিগ্ৰস্ত যিকোনো ব্যক্তিয়ে এই আদেশৰ পৰা ৰেহাইৰ বাবে আপত্তি দাখিল কৰিব পাৰে।

এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব আৰু পৰৱৰ্তী আদেশ নোহোৱালৈকে বা আইনৰ বিধান অনুসৰি সমগ্ৰ মৰিগাঁও জিলাৰ কোনো যোগ্য কৰ্তৃপক্ষই সংশোধন বা বাতিল নকৰালৈকে বলবৎ থাকিব।

এই আদেশৰ যিকোনো উলংঘা কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে উপায়ুক্তই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *