ৰাজ্য চৰকাৰৰ এক লাখ চাকৰিৰ আন এক পদক্ষেপ ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰীৰ নতুন ভৱনত জলসম্পদ বিভাগৰ ৬২জন সহকাৰী অভিযন্তাৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, ২০২১ৰ মে’ৰ পৰা আমি ধাৰাবাহিকভাৱে নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। এতিয়ালৈ ৮৭,৭৮২ গৰাকীক আমি নিযুক্তি দিছোঁ এতিয়ালৈ।
অহা কিছুদিনৰ ভিতৰত ৮ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ নতুন মেডিকেল কলেজসমূহৰ বাবে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব। লগতে ১০ হাজাৰৰো অধিক শিক্ষক-শিক্ষয়ত্ৰীৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব।
জলসম্পদ বিভাগৰ ৬২জন সহকাৰী অভিযন্তাৰ নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমৰ বহু এনেকুৱা ঠাই আছে য’ত এতিয়াও আমি মথাউৰি বনাব পৰা নাই। উন্মুক্তভাৱে পথাৰত পানী হয়, ঘৰ ভাঙি নিয়ে পানীয়ে।
‘‘ব্ৰহ্মপুত্ৰই আমাক যেতিয়া পানী লাগে তেতিয়া নিদিয়ে, যেতিয়া নালাগে তেতিয়া দিয়ে। সেইবাবেই কেতিয়াবা সমালোচনা হয়, ব্ৰহ্মপুত্ৰ আশীৰ্বাদ নে অভিশাপ? আমি ব্ৰহ্মপুত্ৰৰ পানীৰ সঠিক ব্যৱহাৰ কৰিব পৰা নাই। লাহে লাহে হয়তো ব্ৰহ্মপুত্ৰৰ পানীৰ সঠিক ব্যৱহাৰ কৰিব পাৰিম। ব্ৰহ্মপুত্ৰৰ পানী যদি দ্বীপৰ বিলত সাঁচি ৰাখিব পাৰি প্ৰয়োজনত কিমান সুবিধা হ’ব।’’ – ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।