উত্তৰ প্ৰদেশৰ হাপুৰত এগৰাকী ২৩ বছৰীয়া অবিবাহিত যুৱতীৰ গৰ্ভধাৰণৰ কথা জানিব পৰাৰ পিছতে যুৱতীৰ গাত জুই লগাই হত্যাৰ চেষ্টা চলায় পৰিয়ালৰ লোকে।
নাৱাদা খুৰদ গাঁৱত সংঘটিত হোৱা এই কাণ্ডৰ ফলত যুৱতীগৰাকীৰ শৰীৰৰ ৭০ শতাংশতকৈ অধিক অংশ দগ্ধ হোৱাৰ ফলত লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান হাস্পতালত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী।
ইফালে এই ঘটনাৰ পিছতে যুৱতীগৰাকীৰ মাতৃ আৰু ভাতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ মতে, যুৱতীগৰাকীয়ে একেখন গাঁৱৰ এজন পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত গৰ্ভৱতী হৈছিল। যেতিয়া তেওঁৰ পৰিয়ালৰ লোকে এই কথা জানিব পাৰিলে, তেতিয়া তেওঁলোকে খঙেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
২৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে মহিলাগৰাকীৰ মাতৃ আৰু ভাতৃয়ে তেওঁক ওচৰৰ হাবিলৈ লৈ গৈ পেট্ৰ’ল ঢালি জুই লগাই দিয়াৰ খবৰ আহিছে। তীব্ৰ অগ্নিদগ্ধ হৈ ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
জ্যেষ্ঠ আৰক্ষী বিষয়া ৰাজকুমাৰ আগৰৱালাই নিশ্চিত কৰিছে যে মহিলাগৰাকীৰ মাতৃ আৰু ভাতৃৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হৈছে, আৰু তদন্ত অব্যাহত আছে।