আকৌ ঘোচকাণ্ড! দাবী কৰা ধন গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হ’ল এজন কনিষ্ঠ সহায়ক…

ৰাজ্যত পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী। বৃহস্পতিবাৰে ৰঙিয়াত উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ জ্যোতিৰ্ময় বৰুৱা নামৰ চৰকাৰী কৰ্মচাৰীজন।

জানিব পৰা মতে, তামুলপুৰৰ নাগ্ৰীজুলি আইচিডিএছ প্ৰকল্পত কনিষ্ঠ সহায়ক হিচাপে কৰ্মৰত জ্যোতিৰ্ময় বৰুৱাই নিজৰ আত্মীয়ক অংগনবাড়ী কৰ্মী হিচাপে বাছনি কৰাত সুবিধা প্ৰদানৰ নামত ধন দাবী কৰিছিল।

ৰঙিয়াৰ এক্সিছ বেংক শাখাৰ সমীপত সেই উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়তে পূৰ্বৰে পৰা ফান্দ পাতি ৰৈ থকা দুৰ্নীতি নিবাৰক শাখাৰ দৰে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীজনক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *