থানাত শিশু শ্রমিক নিয়োগ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰিজাৰ্ভ ক্লজ কৰা হৈছে কামৰূপ জিলাৰ পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নাথক।
শিশু সুৰক্ষাৰ বাবে কাম কৰা এটা বেচৰকাৰী সংস্থাই তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে বিষয়াগৰাকীক ৰিজাৰ্ভ ক্লজ কৰা হয়।
অভিযোগ অনুসৰি ৰাজীৱ নাথে এটি কনমানিক জোৰ কৰি কামত খটুৱাই থানাৰ কোৱাৰ্টাৰত থাকিবলৈ বাধ্য কৰাইছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।