‘ইণ্ডিয়া’ নহয়, ‘ভাৰত’! মুখ্যমন্ত্ৰীৰ এটা টুইটক লৈ এতিয়া অনেক জল্পনা-কল্পনা…

ভাৰতৰ ইংৰাজী নাম ইণ্ডিয়া সলনি কৰি ‘ভাৰত’ ৰখাক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে এক টুইটযোগে এই বিতৰ্কত ইন্ধন যোগাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২০২৪ৰ নিৰ্বাচনৰ বাবে বিৰোধীয়ে গঠন কৰা ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ পিছতে ভাৰতৰ ইংৰাজী নাম ইণ্ডিয়াৰ সলনি ‘ভাৰত’ ৰখাৰ দাবী কৰি আহিছে বিভিন্নজনে। এনে সময়তে ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনত এনে এক প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব পাৰে বুলিও চৰ্চা চলিছে।

তেনে সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চৰ্চাক অধিক প্ৰাসংগিক কৰি এক্স (পূৰ্বৰ টুইটাৰ)ত এটা টুইট কৰে। য’ত তেওঁ লিখিছে, ‘ৰিপাব্লিক অৱ ভাৰত- আমাৰ সভ্যতাই অমৃত কালৰ দিশে সাহসেৰে আগবঢ়াৰ বাবে সুখী আৰু গৌৰৱ অনুভৱ কৰিছো।’

ভাৰতৰ ইংৰাজী নাম সলনি কৰাক লৈ আৰম্ভ হোৱা এই বিতৰ্কত যোগ দিছে কংগ্ৰেছেও। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জয়ৰাম ৰমেশে কয় যে ৰাষ্ট্ৰপতি ভৱনে ৯ ছেপ্টেম্বৰত জি-২০ ডিনাৰৰ বাবে আমন্ত্ৰণ প্ৰকাশ কৰি প্ৰথাগত “প্ৰেচিডেণ্ট অৱ ইণ্ডিয়া”ৰ পৰিৱৰ্তে “প্ৰেচিডেণ্ট অৱ ভাৰত” বুলি উল্লেখ কৰে।

কিন্তু দেশৰ ইংৰাজী নাম সলনি কৰিলে সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা ইণ্ডিয়া নামটোৰো সলনি কৰিব লাগিব বুলি আঙুলিয়াই দিয়ে কংগ্ৰেছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *