বজালীৰ প্ৰাক্তন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ CIDৰ

সোমবাৰে অসমৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)য়ে বজালীৰ প্ৰাক্তন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰে।

চি আই ডি, অসমে তেওঁক গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়লৈ মাতি অনাৰ কেইঘণ্টামান পিছতে এই কথা প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে বুঢ়াগোহাঁইক বদলি কৰা হৈছিল আৰু তেওঁৰ সেৱা গুৱাহাটীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সৈতে সংযুক্ত হৈছিল। দেওবাৰে নিশা তেওঁক আৰক্ষীয়ে জেৰা কৰি পিছত যাবলৈ দিয়া বুলি জানিব পৰা গৈছে।

আনহাতে, শনিবাৰে প্ৰাক্তন সহকাৰী আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী ববী সিং শৰ্মাকো তেওঁৰ গুৱাহাটী বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখযোগ্য যে, ১ ছেপ্টেম্বৰত চি আই ডিয়ে বজালী আৰক্ষীৰ পাঁচজন আৰক্ষী বিষয়া আৰু দুজন চালককে ধৰি সাতজন ব্যক্তিক তেওঁলোকৰ বিৰুদ্ধে উৎকোচৰ অভিযোগত আটক কৰিছিল। আটকাধীন পাঁচজন আৰক্ষী বিষয়া আছিল অতিৰিক্ত আৰক্ষী অধীক্ষক পুস্কল গগৈ, SI অনুপ জ্যোতি পাতিৰি, SI (P) দেবাজিৎ গিৰি, পাটাছাৰকুছিৰ ASI শশাংক দাস, এ বি চি ইনজামামুল হাছান। এই অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত চালক কেইজন হৈছে দীপজয় ৰয় আৰু নবীৰ আহমেদ।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *