শিক্ষাৰ্থীৰ মাজত দেশপ্ৰেমৰ ভাব জাগ্ৰত কৰাৰ চেষ্টা NCERTৰ

সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। NCERT (এনচিইআৰটি) য়ে ইয়াক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা যুটীয়াভাৱে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ ওপৰত ‘আমাৰ বীৰ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি’ শীৰ্ষক এটা সম্পূৰ্ণ অধ্যায় থাকিব। মন্ত্ৰালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে বিদ্যালয়ৰ শিশুসকলৰ মাজত দেশপ্ৰেম, কৰ্তব্য আৰু সাহসৰ প্ৰতি নিষ্ঠা, ত্যাগ আৰু ৰাষ্ট্ৰ নিৰ্মাণত যুৱসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ মূল্যবোধ গঢ়ি তোলাৰ লক্ষ্য এই পদক্ষেপ লোৱা হৈছে। এই অধ্যায়টোৱে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ ইতিহাস, তাৎপৰ্য আৰু ধাৰণাটোৰ ওপৰত আলোকপাত কৰিব। ই শিশুসকলক স্বাধীনতাৰ পিছত ৰাষ্ট্ৰৰ সেৱাত সশস্ত্ৰ বাহিনীৰ সাহসী সকলৰ দ্বাৰা কৰা সৰ্বোচ্চ ত্যাগৰ বিষয়েও শিকাব, বিজ্ঞপ্তিটোত কোৱা হৈছে। উল্লেখ্য যে ২৫ ফেব্ৰুৱাৰী ২০১৯ ত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক স্থাপন কৰিছিল। প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ইয়াক জনসাধাৰণৰ মাজত ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনা জাগ্ৰত কৰিবলৈ আৰু দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ দিয়া বীৰ সৈনিকসকলক যথাযথ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে স্থাপন কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *