ভাৰতত মুকলি হ’ল ন’কিয়া ১৩০ মিউজিক আৰু ন’কিয়া ১৫০ মোবাইল ফোন

ন’কিয়া ফোনসমূহৰ গৃহ(হোম) এইচএমডি গ্ল’বেলে ভাৰতত ন’কিয়া ১৩০ মিউজিক, আৰু প্ৰিমিয়াম ডিজাইনৰ নতুন ন’কিয়া ১৫০ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ন’কিয়া ১৩০ মিউজিকত শক্তিশালী লাউডস্পীকাৰ, এমপি৩ প্লেয়াৰ, মাইক্ৰ’ এছডি কাৰ্ড সমৰ্থন আৰু এফএম ৰেডিঅ’ৰ সুবিধা প্ৰদান কৰা হৈছে। এই ফোনটোৰ কমপেক্ট ফৰ্ম ফেক্টৰ আৰু উন্নীতকৃত ১৪৫০ এমএএইচ বেটাৰীয়ে দীঘলীয়া টক টাইম আৰু ৩৪ দিনৰ ষ্টেণ্ডবাই প্ৰদান কৰে। ডাঠ নীলা, বেঙুনীয়া আৰু পাতল সোণালী বৰণত উপলব্ধ, ইয়াক ফিনলেণ্ডত ডিজাইন কৰা হৈছে আৰু ইয়াত ৩.৫ এমএম অডিঅ’ হেডফোন জেক আৰু তাঁৰযুক্ত হেডফোন প্ৰদান কৰা হৈছে। গাঢ় নীলা আৰু বেঙুনীয়া ৰঙৰ বাবে ১৮৪৯ টকাত উপলব্ধ আৰু পাতল সোণালী ৰঙৰ ফোনটো ১৯৪৯ টকাত উপলব্ধ।

ন’কিয়া ১৫০ হৈছে এক সুন্দৰ ডিজাইন আৰু সুদীৰ্ঘ স্থায়িত্বৰ প্ৰতিশ্ৰুতিৰ সৈতে এক প্ৰিমিয়াম ফিচাৰ ফোন। য’ত মেটালিক এক্চেণ্ট(ধাতৱীয় উচ্চাৰণ) আৰু নেনো গাঁথনি(টেক্সচাৰ) প্ৰদান কৰা হৈছে। ইয়াত আপগ্ৰেড কৰা ১৪৫০ এমএএইচ বেটাৰী, ভিজিএ ৰিয়েৰ কেমেৰা, লাউডস্পীকাৰ, এমপি৩ প্লেয়াৰ আৰু, ২.৪” ডিচপ্লেবিশিষ্ট মোবাইলটো মাত্ৰ ২৬৯৯ টকাৰ ব্যতিক্ৰমী মূল্যত প্ৰদান কৰা হৈছে। নকিয়া ১৫০ তিনিটা আকৰ্ষণীয় ৰং অৰ্থাৎ চাৰক’ল(ডাঠ ক’লা, চিয়ান(পাতল নীলা) আৰু ৰঙা ৰঙত উপলব্ধ।

এইচএমডি গ্ল’বেলৰ ইণ্ডিয়া এণ্ড এপিএচিৰ ভাইচ প্ৰেচিডেণ্ট ৰবি কুনৱাৰে কয় যে : “সম্পূৰ্ণ নতুনকৈ ডিজাইন কৰা আৰু সমৃদ্ধ সংগীত বৈশিষ্ট্যৰে বৰ্ধিত টক টাইমৰ বাবে উন্নীতকৃত বেটাৰী আৰু ব্যৱহাৰকাৰী-অনুকূল ডিজাইনৰ সৈতে ন’কিয়া ১৩০ মিউজিক আৰু ন’কিয়া ১৫০-য়ে স্থায়ী সংযোগ আৰু সুবিধাৰ সাৰমৰ্মক মূৰ্ত কৰি তুলিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *