মানৱ–হাতী সংঘাত (এইচ ই চি) প্ৰশমনৰ প্ৰচেষ্টাক শক্তিশালী কৰা আৰু স্থানীয় লোকৰ অংশগ্ৰহণৰ জৰিয়তে মানৱ আৰু বন্যপ্ৰাণীৰ অতি প্ৰয়োজনীয় সহাৱস্থানক উদগনি যোগোৱাৰ বাবে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে পূব অসমৰ মাজুলী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ মানৱ-হাতী সংঘাতত জৰ্জৰিত কেতবোৰ অঞ্চলত তৃণমূল পৰ্যায়ত সাতটা ৰেপিড ৰেচপন্স গোট (আৰ আৰ ইউ) গঠন কৰিছে ।

আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে অসমৰ বন বিভাগৰ সহযোগত আৰু ডাৰউইন ইনিচিয়েটিভৰ সহায়ত স্থানীয় লোকক লৈ এই ৰেপিড ৰেচপন্স গোটবোৰ গঠন কৰিছে। ২০২৩ চনৰ জুলাই মাহৰ প্ৰথম সপ্তাহত স্থানীয় লোকসকলৰ সৈতে কৰা বিস্তৃত আলোচনাৰ জৰিয়তে সকলো গোট গঠন কৰা হৈছে ।

এই গোটসমূহে মানৱ-হাতীৰ সংঘাত প্ৰশমনত আগতীয়া সতৰ্কবাণী ব্যৱস্থা হিচাপে কাম কৰিব আৰু সেয়েহে এনে সংঘাতৰ ঘাই স্থানসমূহত সহাৱস্থানক উদগনিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে। গোটসমূহে হাতীৰ গতিবিধি নিৰীক্ষণ কৰিব আৰু ওচৰৰ গাঁৱৰ লোকক হোৱাটছএপৰ জৰিয়তে অৱগত কৰিব তথা স্থানীয় লোকৰ পহৰা ব্যৱস্থা হিচাপে কাম কৰিব।

মাজুলী জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত গাঁও ক্ৰমে জাবৰচুক কাঠনি, জাবৰচুক বছা, গজেৰা, অনাইচুক, কাংমিলি, সৌৰুকীয়া আৰু হালাধিবাৰীৰ বহুকেইজন প্ৰতিনিধিৰ সৈতে আৰণ্যকৰ প্ৰতিনিধিৰ উপস্থিতিত হোৱা আলোচনাৰ অন্তত ৫ জুলাইত উজনি মাজুলীত প্ৰথমটো আৰ আৰ ইউ গঠন কৰা হয় । ৫৮ জন স্থানীয় লোকে আৰ আৰ ইউৰ অংশ হ’বলৈ সন্মতি প্ৰকাশ কৰে । জিলা পৰিষদৰ কাউন্সিলাৰ দেবজিৎ পাতিৰেও এই আলোচনাত অংশগ্ৰহণ কৰি আৰ আৰ ইউ গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৬ জুলাইত ডিব্ৰুগড় জিলাৰ দিহিং পাটকাইৰ লেবাংকোলা গাঁৱৰ সমূহীয়া কেন্দ্ৰত গঠন কৰা দ্বিতীয় আৰ আৰ ইউত চৌবিশজন স্থানীয় লোকে যোগদান কৰে।

৭ জুলাইত আৰণ্যকৰ দলে দুটা আৰ আৰ ইউ গঠন কৰে। শিৱসাগৰ জিলাৰ চৰগুৱা, চৰগুৱা গ্ৰান্ট আৰু চমৰাজান গাৱঁৰ পৰা বাচনিকৃত ২৩ জন সদস্যক লৈ চৰগুৱা গ্ৰান্টৰ চৰগুৱা এল পি স্কুলত এটা আৰু মাজুমেলিয়া গাঁৱত মাজুমেলীয়া, ডেমৌমুখ মিছিং গাঁও আৰু গোহাঁইগাঁও গাঁৱৰ ১৪ জন স্থানীয় লোকক লৈ আনটো আৰ আৰ ইউ গঠন কৰা হয় ।

একেদৰে ৮ জুলাইত যোৰহাট জিলাত দুটা আৰ আৰ ইউ গঠন কৰা হয় । স্থানীয় লোকৰে হোৱা আলোচনাৰ অন্তত যোৰহাট জিলাৰ শগুণপৰা গাঁৱৰ শগুণপৰা এল পি স্কুলত গঠন কৰা এটা আৰ আৰ ইউত শগুণপৰা, তিনিঘৰীয়া, মিলিগাঁও আৰু জাপোণগাঁৱৰ পঁয়ত্ৰিশ জন স্থানীয় সদস্যই যোগদান কৰে। যোৰহাট জিলাৰ বেজৰছিগাৰ শংকৰদেৱ এম ই স্কুলত আনটো আৰ আৰ ইউ গঠন কৰা হয়। বেজৰছিগা, কৈৱৰ্ত্তগড়, চুমনি চাপৰি আৰু হাতীশাল গাঁৱৰ ৩৯ জন লোকে এই আৰ আৰ ইউত যোগদান কৰে।

শেষত আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰৰ নেতৃত্বত হোৱা এক বিস্তৃত আলোচনাৰ অন্তত তিনিচুকীয়া জিলাৰ শদিয়াত ২২ জন সদস্যৰে সপ্তমটো আৰ আৰ ইউ গঠন কৰা হয়।

আৰণ্যকৰ বিষয়া অঞ্জন বৰুৱাই জনায় যে আৰণ্যকে নিৰ্বাচন কৰা ‘গাঁও চেম্পিয়ন’ আৰু চৰকাৰে গঠন কৰা স্বেচ্ছামূলক গাঁও প্ৰতিৰক্ষা দলৰ সদস্যসকলক যথাসম্ভৱ এই আৰ আৰ ইউসমূহত অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰতিটো আৰ আৰ ইউত বিভিন্ন অংশীদাৰৰ লগতে আৰণ্যকৰ মূল দলৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ বাবে এজন মুখপাত্ৰ নিযুক্ত কৰা হৈছে ।

আৰন্যকৰ গৱেষণা বিষয়া ৰুবুল তাঁতীয়ে মানৱ-হাতী সংঘাতপ্ৰৱণ অঞ্চলত এই সংঘাতৰ হাতী আৰু মানুহ উভয়ৰে ওপৰত পৰা প্ৰভাৱৰ বিষয়ে গাঁওবাসীক সজাগ কৰে আৰু সহাৱস্থানক উদগনি যোগোৱাৰ বাবে সংঘাত প্ৰশমনৰ ক্ষেত্ৰত সক্ৰিয় আৰ আৰ ইউৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

আৰণ্যকৰ জ্যেষ্ঠ বিষয়া জাকিৰ ইছলাম বৰা আৰু নিৰঞ্জন ভূঞাই গাঁওবাসীৰ সৈতে আলোচনাৰ আয়োজনৰ জৰিয়তে আৰ আৰ ইউ গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰ আৰ ইউ গঠন প্ৰক্ৰিয়াৰে জড়িত আৰণ্যকৰ দলৰ আন সদস্যসকল হৈছে ক্ৰমে প্ৰাণজিত বৰা, জোনাক বৰুৱা, দিবাকৰ নায়ক, ইজাজ আহমেদ, ধনটো গগৈ, তীব্ৰজ্যোতি গগৈ, লেখন গগৈ, অনন্ত দত্ত, লক্ষীনাথ টাইদ, চিৰঞ্জীৱ কলিতা, তন্ময় গগৈ, বিজয় কলিতা আৰু এজন শিক্ষানৱিছ বৈদিক গুপ্তা ।

মনোজ চেতিয়া, বিদ্যা বৰবৰা, সুনীল টায়ে, মাখন কলিত আদি “গাঁও চেম্পিয়ন” সকলো এই সমগ্র প্রক্রিয়াত জড়িত হৈছিল ৷ উল্লেখ্য যে গাঁৱৰ চেম্পিয়নসকল হৈছে আৰণ্যকৰ দলে প্ৰকল্প ৰূপায়ণ কৰা গাঁওসমূহত প্ৰকল্পৰ কাম-কাজৰ সুবিধাৰ বাবে প্ৰশিক্ষণ দিয়া স্থানীয় লোক ।