শ্বপছিয়ে বিভিন্ন প্লেটফৰ্মত ৰিডেম্পচনৰ বাবে আগবঢ়াইছে ছুপাৰকইন

দেশত দ্ৰুতগতিত বিকশিত হোৱা হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম শ্বপচিয়ে নিজৰ প্লেটফৰ্মত চুপাৰকইন ৰিৱাৰ্ড কাৰ্যসূচী আৰম্ভ কৰিছে। গ্ৰাহকসকলে এতিয়া শ্বপচি, ফ্লিপকাৰ্ট, মিণ্ট্ৰা আৰু ক্লিয়াৰট্ৰিপত ছুপাৰকইন উপাৰ্জন আৰু ৰিডিম কৰিব পাৰে। ফ্লিপকাৰ্টৰ এই অনন্য ৰিৱাৰ্ড ইক’চিষ্টেমে ব্যৱহাৰকাৰী বা গ্ৰাহকসকলক প্ৰতি ১০০ টকা খৰচ কৰাৰ বিনিময়ত ১ টকা ছুপাৰকইনেৰে পুৰস্কৃত কৰে।

প্ৰতিটো ছুপাৰকইনৰ মূল্য ১ টকা আৰু ইয়াক পৰৱৰ্তী অৰ্ডাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত মূল্য বিচৰা গ্ৰাহকসকলে প্ৰতিটো ক্ৰয়তে অধিক সঞ্চয় কৰিব পাৰে। চুপাৰকইনবোৰ শ্বপচি, ফ্লিপকাৰ্ট, মিণ্ট্ৰা আৰু ক্লিয়াৰট্ৰিপত নিজৰ পঞ্জীভুক্ত ফ্লিপকাৰ্ট নম্বৰৰ সৈতে ছাইন ইন কৰি একাউণ্ট লিংক কৰাৰ লগে লগে প্ৰৱেশ কৰিব পাৰে। শ্বপচিত ছুপাৰকইন মুকলি কৰা সন্দৰ্ভত উল্লেখ কৰি ফ্লিপকাৰ্টৰ শ্বপচিৰ মুৰব্বী কপিল থিৰানীয়ে কয় যে, “শ্বপচিত আমাৰ গ্ৰাহকসকলৰ বাবে সৰ্বাধিক মূল্য প্ৰদান কৰাটো আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। শ্বপচি প্লেটফৰ্মত ছুপাৰকইন মুকলি কৰাৰ কথা ঘোষণা কৰি মই যথেষ্ট আনন্দিত হৈছোঁ।”

এই ছুপাৰকইন লাভ কৰিবলৈ গ্ৰাহকসকলে বিচৰা বা আকাংক্ষিত সামগ্ৰীসমূহ বাচনি কৰিব লাগিব আৰু চেকআউট কৰিব লাগিব। যোগ্য ছুপাৰকইন নিৰ্বাচিত কৰিব লাগিব, চিঅ’ডি/পছন্দৰ পেমেণ্ট পদ্ধতি ব্যৱহাৰ কৰি অৰ্ডাৰ দিব লাগিব আৰু অৰ্ডাৰ দিয়াৰ পিছত অধিক ছুপাৰকইন উপাৰ্জন কৰিব লাগিব। ছুপাৰকইন আৰু ৰিডেম্পচন পদক্ষেপৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি শ্বপচি এপৰ চুপাৰকইন এফএকিউ পৃষ্ঠা চাওক।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *