ভাৰতৰ শচীন আৰু পাকিস্তানৰ সীমাৰ প্ৰেম কাহিনীক লৈ দেশজুৰি চৰ্চা অব্যাহত থকাৰ সময়তে এইবাৰ সাতসাগৰ পাৰ হৈ ভাৰতীয় প্ৰেমিকৰ কাষত উপস্থিত হল আন এগৰাকী বিদেশী মহিলা। এগৰাকী পোলেণ্ডৰ মহিলাই অকল প্ৰেমৰ স্বাৰ্থত ঝাৰখণ্ডৰ হাজাৰীবাগত উপস্থিত হয়। কিন্তু পূৰ্বৰ কাহিনীটোৰ দৰে পোলেণ্ডৰ মহিলাগৰাকীয়ে অবৈধভাৱে সীমান্ত পাৰ হোৱা নাই। এই কাহিনীৰ নায়িকা ৪৯ বছৰীয়া বাৰ্বাৰা পোলাকে ২০২১ চনত ইনষ্টাগ্ৰামত তেওঁৰ নায়ক ছাদাব মালিকক লগ পাইছিল। তেওঁলোকৰ বন্ধুত্ব অতি সোনকালেই প্ৰেমত পৰিণত হয় আৰু এতিয়া তেওঁলোকে হাজাৰিবাগ এছডিএম আদালতত বিবাহৰ বাবে আবেদন জনাইছে।
বাৰ্বাৰাই ছাদাবক “ফেণ্টাষ্টিক আৰু মিঠা” ব্যক্তি বুলি বৰ্ণনা কৰিছে। ছাদাবে কয় যে এজন ব্যক্তিৰ জীৱনটো অসম্পূৰ্ণ হয় যদিহে তেওঁৰ ভালপোৱা কোনোবা নাথাকে। তেওঁ গোটেই জীৱন বাৰ্বাৰাৰ লগত কটাব বিচাৰে।
বাৰ্বাৰাই ভিৰ কৰা ঠাইত থাকি ভাল নাপালেও গাঁৱত থাকি ভাল পোৱা যেন লাগে, য’ত তেওঁ গৰুৰ গোবৰ আৰু জাবৰ-জোঁথৰ চাফা কৰাৰ দৰে ঘৰুৱা কামত সহায় কৰে। হিন্দুস্তান টাইমছৰ এক বাতৰি অনুসৰি ইয়াত প্ৰথম দিনবোৰত তেওঁ গৰম বেছি পাইছিল আৰু ছাদাবে তেওঁৰ বাবে ২টা এচি লগাই দিছিল।
বাৰ্বাৰা আৰু তেওঁৰ ৮ বছৰীয়া কন্যা আন্যা পোলাক ইয়াত ২০২৭ চনলৈকে বৈধ পৰ্যটন ভিছাত আছে। স্থানীয় অঞ্চলটোত এজন বিদেশী বাসিন্দা থকাৰ খবৰ শুনি হাজৰিবাগ মুখ্য কাৰ্যালয়ৰ ডি এছ পি ৰাজীৱ কুমাৰ আৰু পৰিদৰ্শক অভিষেক কুমাৰে ছাদাবৰ জন্মস্থান হাজাৰীবাগৰ খুতৰা গাঁও পৰিদৰ্শন কৰে য’ত বৰ্তমান দুয়োজনেই বাস কৰি আছে। ভিছা দেখুৱাই তেওঁ কেইদিনমানৰ পিছত নিজৰ দেশলৈ উভতি আহিব বুলি জনাই দিলে।
News18 ৰ মতে,ছাদাবে পোলেণ্ডত একেলগে জীৱন কটোৱাৰ মনস্থ কৰিছে, আনহাতে মাজে মাজে ভাৰতত থকা পিতৃ-মাতৃৰ ওচৰলৈ যায়।