ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলৰ সহায়ৰ বাবে ইউটিউবাৰ কেৰী মিনাটিৰ ১৩ লাখ টকা অনুদান…

ওড়িশাৰ বালাছোৰত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিবলৈ কেৰী মিনাটিৰ মানৱীয় পদক্ষেপ। তেওঁ ওড়িশাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১৩ লাখ টকা আগবঢ়ায়।

এছিয়াৰ জনপ্ৰিয় ইউটিউবাৰ অজেয় ​​নাগৰ ওৰফে কেৰী মিনাটিয়ে দেওবাৰে ৪ ঘণ্টীয়া চেৰিটি শ্ব’ কৰিছিল। শ্ব’টোৰ পৰা পোৱা সকলো ধন ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে আয়োজন কৰা সাহায্য পুঁজিলৈ দিয়া হ’ব।

সেই লাইভ ষ্ট্ৰিমৰ পৰা দিনৰ ১ বজাৰ ভিতৰত মুঠ ১১,৮৭,৬১১.৬৪ টকা উপাৰ্জন কৰা হয়। কেৰী মিনাটিয়ে নিজৰ পকেটৰ পৰা আৰু ডেৰ লাখ টকা দিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *