৩২ বছৰ পিছত হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক মুখতাৰ আনছাৰীক

এবছৰ দুবছৰ নহয়, সুদীৰ্ঘ ৩২ বছৰৰ পিছত হত্যাৰ গোচৰত দোষী সাব্যস্ত হ’ল উত্তৰ প্ৰদেশৰ কাৰাবন্দী গেংষ্টাৰ মুখতাৰ আনছাৰী। ৫ বাৰৰ বিধায়ক আনছাৰীক অৱশেষত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিলে আদালতে।

নব্বৈৰ দশকত উত্তৰ প্ৰদেশৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক অজয় ​​ৰায়ৰ ভাতৃ অৱধেশ ৰায়ৰ হত্যাকাণ্ডৰ গোচৰ আনছাৰীৰ বিৰুদ্ধে বিচাৰাধীন হৈ আছিল। দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত ১৯ মে’ত এই বিচাৰৰ অন্ত পৰে। অৱশ্যে বাৰাণসীৰ আদালতে সেইদিনা ৰায় স্থগিত ৰাখি ৫ জুনত ৰায়দান কৰা হ’ব বুলি কয়।

একেদৰে সোমবাৰে কাৰাবন্দী গেংষ্টাৰ মুখতাৰ আনছাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। এইটো কোৱা ভাল যে আনছাৰীৰ বিৰুদ্ধে মুঠ ৬০টা গোচৰ আছে। ইয়াৰে ছটাত তেওঁক দোষী সাব্যস্ত কৰা হৈছে। যোৱা এপ্ৰিল মাহত আনছাৰীক অপহৰণ আৰু হত্যাৰ আন এটা গোচৰত ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

১৯৯১ চনৰ ৩ আগষ্টত বাৰাণসীত কংগ্ৰেছ নেতা অজয়ৰ ঘৰৰ সন্মুখত অৱধেশক গুলীয়াই হত্যা কৰা হয়। আনছাৰীৰ উপৰিও অজয়ে হত্যাকাণ্ডৰ আঁৰত ভীম সিং, প্ৰাক্তন বিধায়ক আব্দুল কালিম আৰু ৰাকেশ নাইকৰ লগতে আন দুজন ব্যক্তিৰ নামত এফআইআৰ দাখিল কৰে।

উত্তৰ প্ৰদেশৰ ৰাজনীতিত বাহুবলী নেতাৰ অভাৱ নাই। সেই তালিকাৰ অন্যতম নাম হৈছে মুখতাৰ আনছাৰী। ১৯৯৬, ২০০২, ২০০৭, ২০১২ আৰু ২০১৭ চনত গাড মাউ আসনৰ পৰা বিধায়ক হয়। ইফালে আনছাৰীয়ে যোৱা তিনিটা নিৰ্বাচনত জেলৰ পৰাই যুঁজ দিছে। ২০২২ চনত সেই আসনৰ পৰা তেওঁৰ পুত্ৰ আব্বাছ আনছাৰীয়ে জয়লাভ কৰিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *