চৰকাৰে নতুন সংসদ গৃহ নিৰ্মাণ কৰিছে, গতিকে উদ্বোধন কৰাৰ অধিকাৰ চৰকাৰৰ আছেঃ মায়াৱতী

নৱ নিৰ্মিত সংসদ ভৱন কোনে উদ্ঘাটন কৰিব তাক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ চৰকাৰৰ পক্ষত থিয় জদিলে বিএছপিৰ মুৰব্বী মায়াৱতীয়ে।

প্ৰধানমন্ত্ৰী মোডীৰ দ্বাৰা নৱ নিৰ্মিত সংসদ ভৱন উদ্বোধন কৰাৰ সিদ্ধান্তক আদৰণি জনায় মায়াৱতীয়ে।

মায়াৱতীয়ে কয়, “চৰকাৰে নতুন সংসদ গৃহ নিৰ্মাণ কৰিছে, গতিকে ইয়াক উদ্বোধন কৰাৰ অধিকাৰ চৰকাৰৰ আছে।”

ৰাষ্ট্ৰপতিয়ে নতুন সংসদ ভৱন উদ্বোধন নকৰিলে বিৰোধীয়ে অনুষ্ঠান বৰ্জন কৰাটো অন্যায় বুলি অভিহিত কৰিছে মায়াৱতীয়ে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *