মেৰাপানীত বিষাক্ত কাঠফুলা খাই মৃত্যু এগৰাকী মহিলাৰ

মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত বালিগুৰিৰ তৰালি বৰ্মন (২২) নামৰ এগৰাকী মহিলাৰ আজি বিষাক্ত কাঠফুলা খাই মৃত্যু ঘটে।

পৰিয়ালৰ সূত্ৰই জনোৱা মতে, যোৱা দেওবাৰে পুৱাৰ আহাৰত বনৰীয়া বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত মহিলাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্য পাপুল বর্মন, হেমন্ত বর্মন আৰু এটি আঠমহীয়া কেঁচুৱাসহ চাৰিজন অসুস্থ হৈ পৰে।

প্ৰচণ্ড পেটৰ বিষ, শৌচ আৰু আৰু বমিত হৈ অৱস্থা শোচনীয় হোৱাত তেওঁলোকক লগে লগে মেৰাপানী সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মেৰাপানীৰ চিকিৎসকে চাৰিওজনকে উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে যদিও তেওঁলোকে কিছু সুস্থ অনুভৱ কৰাত গোলাঘাটলৈ নগৈ ঘৰলৈ যায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *