বুধবাৰে নিশা গোৱালপাৰা জিলাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত তিনিজন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত হয় এগৰাকী মহিলা আৰু এটি শিশু।
জানিব পৰা মতে, দুধনৈত এখন দ্ৰুতবেগী ক্ৱিড গাড়ীয়ে পিছফালৰ পৰা এখন ট্ৰাকত খুন্দা মাৰে।
গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা অৱস্থাত তীব্ৰ বেগত অহা কুইড গাড়ীখনে পিছফালৰ পৰা ট্ৰাকখনত খুন্দা মাৰে। ফলত গাড়ীখন ছিন্নভিন্ন হোৱাৰ লগতে চালকসহ তিনিজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে দুজন লোক গুৰুতৰভাৱে আহত হয়।
ঘটনাস্থলীত উপস্থিত হৈ আহত মহিলাগৰাকী আৰু সংকটজনক অৱস্থাত থকা এটি শিশু উদ্ধাৰ কৰে। ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
নিহত কেইজন হৈছে আনৰুল ইছলাম, নুৰ ইছলাম, বিকি বৈশ্য আৰু আহত কেইজন হৈছে কালেমা খাতুন আৰু মুক্তাৰ হুছেইন।
আত্মীয়ৰ শেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীৰ পৰা মানকাচৰলৈ গৈ থকা বুলি আৰক্ষীয়ে অৱগত কৰে।