ইণ্ডিগ’ বিমানৰ শৌচাগাৰত ধূমপান কৰাৰ অভিযোগত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক।
বিমানবন্দৰ আৰক্ষীয়ে জনোৱা মতে, ১৬ মাৰ্চৰ পুৱা প্ৰায় ১.৩০ বজাত অসমৰ পৰা বেংগালুৰুলৈ ইণ্ডিগ’ৰ ৬ ই ৭১৬ বিমানেৰে বেংগালুৰুলৈ গৈ থকা অৱস্থাত ধূমপান কৰি ধৰা পৰে যাত্ৰীজন।
বিমানখনৰ ক্ৰুৱে শৌচাগাৰৰ পৰা চিগাৰেটৰ গোন্ধ নিৰ্গত হোৱা লক্ষ্য কৰি কৰ্তৃপক্ষক জনোৱাৰ পিছতে বিষয়টো পোহৰলৈ আহে।
বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁক জিম্মাত লোৱা হয় আৰু এই সন্দৰ্ভত বিমানবন্দৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
একেধৰণৰ ঘটনাত মুম্বাইৰ ছাহাৰ আৰক্ষীয়ে ১১ মাৰ্চত এয়াৰ ইণ্ডিয়া লণ্ডন-মুম্বাই বিমানখনৰ লেভেটৰীৰ ভিতৰত ধূমপান কৰাৰ অভিযোগত ভাৰতীয় মূলৰ এজন আমেৰিকান নাগৰিকক গোচৰ ৰুজু কৰিছিল।
ৰমাকান্ত নামৰ ৩৭ বছৰীয়া আমেৰিকান নাগৰিকগৰাকীয়ে সহযাত্ৰীসকলৰ সৈতে অসৎ আচৰণ কৰি বিমান চলাচলত ব্যাঘাত জন্মোৱাৰ অভিযোগো উত্থাপন হৈছে।