মহিলা প্ৰিমিয়াৰ লীগৰ (ডব্লিউপিএল) প্ৰথম ছিজন ৪ মাৰ্চত গুজৰাট জায়ান্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত এখন খেলৰ সৈতে আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে, মুম্বাই ইণ্ডিয়ানছ মহিলা দলেও তেওঁলোকৰ দলৰ অধিনায়কৰ নাম ঘোষণা কৰিছে আৰু হৰমনপ্ৰীত কৌৰক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছে। নিলামৰ সময়ত, মুম্বাই ইণ্ডিয়ানছ ফ্ৰেঞ্চাইজীয়ে হৰমনপ্ৰীত কৌৰক তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ ১.৮০ কোটি টকা ব্যয় কৰিছিল। টি-২০ ফৰ্মেটত হৰমনপ্ৰীত কৌৰৰ অভিলেখ লক্ষ্য কৰা যায় তেন্তে তেওঁ বৰ্তমান ভাৰতীয় মহিলা দলৰ অধিনায়ক আৰু লগতে এগৰাকী অতি গুৰুত্বপূৰ্ণ খেলুৱৈ। শেহতীয়াকৈ সমাপ্ত হোৱা মহিলা টি-২০ বিশ্বকাপৰ সময়ত হৰমনপ্ৰীত কৌৰে তেওঁৰ ১৫০ তম আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল, যাৰ পিছত তেওঁ পুৰুষ আৰু মহিলা ক্ৰিকেটৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপেও এই পৰ্যায়ত উপনীত হৈছিল। হৰমনপ্ৰীত কৌৰক অধিনায়ক হিচাপে নিযুক্তি দিয়া উপলক্ষে ফ্ৰেঞ্চাইজিৰ গৰাকী নীতা আম্বানীয়ে কয়, ‘মুম্বাই ইণ্ডিয়ানছ দলৰ অধিনায়কৰূপে হৰমনপ্ৰীতক নিযুক্তি দিবলৈ পাই আমি অত্যন্ত সুখী। ৰাষ্ট্ৰীয় দলৰ নেতৃত্ব দিয়াৰ সময়ত, হৰমনপ্ৰীত কৌৰে দলটোক বহুতো ৰোমাঞ্চকৰ বিজয় প্ৰদান কৰিছে। মই নিশ্চিত যে চাৰ্লট আৰু ঝুলনৰ সমৰ্থনত আমাৰ দলেও খেলপথাৰত অধিক ভাল খেলিবলৈ সক্ষম হ’ব।’
মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজন ৪ মাৰ্চত
