শিক্ষক-কৰ্মচাৰী আৰু টিউটৰসকলৰ চাকৰি প্ৰাদেশিকীকৰণৰ দাবী

গণিত আৰু বিজ্ঞান বিষয়ত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত শিক্ষা দিয়াৰ কেবিনেট সিদ্ধান্ত তৎকালে বাতিল কৰা, ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা, টিউটৰসকলক  শিক্ষকৰ মৰ্যাদা  দিয়া আৰু তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক পূৰ্ণ কৰ্মচাৰীৰ মৰ্যাদা দিয়াৰ দাবীত আজি ৰাজ্যৰ সাতটা যুৱ-ছাত্ৰ সংগঠনে গুৱাহাটী ক্লাৱৰ ৰ’টাৰীৰ ওচৰত মিলিত হৈ  প্ৰতিবাদ সাব্যস্ত  কৰে৷ সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠন ক্ৰমে ডি ৱাই এফ আই, এ আই ৱাই এফ, এ আই ডি ৱাই  অ’, এছ এফ আই, এ আই ডি এছ অ’, এ আই এছ এ আৰু এ আই এছ এফ-এ যৌথভাৱে এই প্ৰতিবাদৰ আহ্বান দিছিল৷  চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিত বিষয় দুটা মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী মধ্যমত পঢ়িব লাগিব ৷ এই সিদ্ধান্ত অবৈজ্ঞানি আৰু এয়া চৰকাৰৰ টোগলকী কাণ্ড৷ দেশৰ শিক্ষাবিদ, শিক্ষা আৰু গৱেষণাৰ লগত জৰিত ব্যক্তি, শিক্ষক সংগঠন তথা কোনো দল-সংগঠনৰ লগত আলোচনা নকৰাকৈ চৰকাৰে অগণতান্ত্ৰিকভাৱে, অদূৰদৰ্শী আৰু অবৈজ্ঞানিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ছাত্ৰ-ছাত্ৰীক ইংৰাজী শিক্ষা দিয়াৰ বাবে খুবেই প্ৰয়োজন৷ ইয়াৰ বাবে পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ লগতে শিক্ষকৰ প্ৰশিক্ষণ আৰু আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব দিয়া উচিত৷ চৰকাৰৰ স্থানীয় ভাষা বিৰোধী এই সিদ্ধান্ত ৰাষ্ট্ৰসংঘৰ  শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (UNESCO)ৰ মতৰ পৰিপন্থী বুলি সাত যুৱ-ছাত্ৰ সংগঠনে মত প্ৰকাশ কৰি ইয়াক তৎকালে প্ৰত্যাহাৰৰ দাবী জনাইছে৷

            আনহাতে অসমৰ প্ৰাদেশিকীকৰণ হ’বলৈ বাকী থকা অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ নকৰে বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়ভাৱে ঘোষণা কৰিছে৷ এইসকল শিক্ষকৰ প্ৰয়োজনীয় যোগ্যতা নাই  বুলিও যুক্তি দিছে৷ কিন্তু একেই নিয়ম-নীতিৰে গঢ়ি উঠা বেছি সংখ্যক শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি ইতিমধ্যে চৰকাৰে প্ৰাদেশিকীকৰণ কৰিছে৷ শিক্ষক পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা নথকা শিক্ষক সকলকো প্ৰাদেশিকীকৰণ কৰাৰ পাছত যোগ্যতা অৰ্জনৰ বাবে সুবিধা দিছে; কিন্তু আচৰিত ধৰণে একেখন চৰকাৰে প্ৰাদেশিকীকৰণৰ বাবে ৰৈ যোৱা শিক্ষকসকলৰ ক্ষেত্ৰত চৰম অন্যায় কৰিছে৷ অসমৰ গাঁৱে-ভূঞে, চৰ-চাপৰি, পিছপৰা স্বায়ত শাসিত পৰিষদ এলেকা আদিত ভেন্সাৰ শিক্ষানুষ্ঠানসমূহে শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত অতুলনীয় ভুমিকা পালন কৰি আহিছে৷ সেয়েহে এই শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা নিত্যান্তই প্ৰয়োজন বুলি সংগঠনসমূহে দাবী কৰিছে৷ অন্যহাতে প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ  বৈষম্যমূলক হৈছে৷ চৰকাৰে দ্বিতীয় পৰ্যায়ৰ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত প্ৰয়োজনীয় যোগ্যতাৰ কথা দোহাৰি দি একাংশ  শিক্ষকক টিউটৰ আৰু তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক ফিক্সড পে’ৰ কৰ্মচাৰী হিচাপেহে স্বীকৃতি দিছে৷ ইয়াৰ ফলত এইসকল শিক্ষক আৰু কৰ্মচাৰী চৰম অন্যায়ৰ বলি হৈছে৷ আজিৰ পৰা ২৫/৩০ বছৰ আগতে নিযুক্তি পোৱা এইসকল শিক্ষকক আজিৰ আইনেৰে যোগ্যতা বিচাৰ কৰাটো কোনো মতে ন্যায়সংগত নহয়। চৰকাৰৰ এনে অবৈজ্ঞানিক, শিক্ষা বিৰোধী আৰু ৰাজহুৱা স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্ত তৎকালে বাতিল কৰি আৰু অপ্ৰাদেশিকীকৃত শিক্ষক-কৰ্মচাৰীক ন্যায় প্ৰদানৰ দাবীতে আজি সাত সংগঠনে যৌথ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে৷ চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে জনমত গঠন কৰি প্ৰতিবাদ কৰিবলৈ  সকলো অংশৰ ৰাইজ তথা যুৱ-ছাত্ৰলৈ আহ্বান জনাইছে৷ দুই শতাধিক যুৱ-ছাত্ৰ উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীত বহুসংখ্যক অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক আৰু টিউটৰেও অংশগ্ৰহণ কৰে৷ এ আই এফ আইৰ সভাপতি কৃষ্ণ গগৈয়ে আঁত ধৰা প্ৰতিবাদী সভাত ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস, এ আই ডি ৱাই অ’ৰ সভাপতি প্ৰজ্জ্বল দেৱ, এছ এফ আইৰ সম্পাদক নিৰংকুশ নাথৰ লগতে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক সংগঠনৰ পৰা জগত বাহাদুৰ ৰায় আৰু টিউটৰ সন্থাৰ পক্ষৰ পৰা জীৱন তালুকদাৰে বক্তব্য ৰাখে৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *