কাৰ্বিআংলঙৰ পৰা প্ৰধানমন্ত্ৰী মোডী ৰাওনা হ’ল ডিব্ৰুগড়লৈ। কাৰ্বিআংলঙত ৫০০ কোটি ধন ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কেইবাখনো শিক্ষানুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিলে মোডীয়ে।
আনহাতে ডিব্ৰুগড়ত ১-৪৫ বজাত আৰম্ভ হ’ব মোডীৰ সভা। এই সভাত উপস্থিত থাকিব টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা। ডিব্ৰুগড়ৰ পৰাই ৰাজ্যৰ আন কেইবাখনো জিলাত নিৰ্মাণ সম্পূৰ্ণ হোৱা কেঞ্চাৰ হাস্পতাল ভাৰ্ছুুৱেলী উদ্বোধন কৰিব মোডীয়ে।
অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত মুঠ ১৭ খনকৈ কেঞ্চাৰ হাস্পতাল নিৰ্মাণ কৰিব।