GMC গুৱাহাটী মানুহে নিদিলে ভোট

জি এম চি নিৰ্বাচন প্ৰায় ৯বছৰৰ পাছত অনুষ্ঠিত হৈছিল। ভৱা হৈছিল গুৱাহাটীবাসীয়ে অতি উতকন্ঠাৰে এই নিৰ্বাচনত অৱৰ্তীণ হব। কিন্তু বাস্তৱত সেয়া নহল। গুৱাহাটীৰ প্ৰায় আধা মানুহেই ভোট দিবলৈ ওলাই নাহিল ঘৰৰ পৰা। ভোটগ্ৰহণৰ দিনটোত বতৰেও কোনো বিধি-পথালি দিয়া নাছিল। পুৱাৰে পৰা ৰদ-বৰষুণ একো নোহোৱাকৈ ফৰকাল হৈ থকা বতৰেও ভোটাৰ ৰাইজক ঘৰৰ পৰা ওলিয়াই আনিব নোৱাৰিলে।

উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ নিৰ্বাচনত আছে মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯গৰাকী ভোটাৰ। তাৰে ভিতৰত পুৰুষ ভোটাৰ ৩ লাখ ৯৬ হাজাৰ ৮৯১। আনহাতে মহিলা ভোটাৰৰ সংখ্যা ৩ লাখ ৯৯ হাজাৰ ৯১১টা। সেইদৰে তৃতীয় লিংগৰ মুঠ ভোটাৰৰ সংখ্যা ২৭টা।৭৮৯টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *