দিল্লী- পাঞ্জাবৰ মেচ মুম্বাইলৈ স্থানান্তৰিত

কোৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত প্ৰভাৱিত দিল্লী কেপিটেলছে বুধবাৰে পুনেৰ পৰিৱৰ্তে মুম্বাইৰ ব্ৰেবোৰ্ণ ষ্টেডিয়ামত পঞ্জাৱ কিংছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলখন খেলিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক বিবৃতিত কোৱা হৈছে যে বুধবাৰৰ খেলখন ব্ৰেবোৰ্ণ ষ্টেডিয়ামলৈ স্থানান্তৰিত কৰা হৈছে, যাতে বায়-ববলত ক’ভিড সংক্ৰমণ নহয়।

অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ মিচেল মাৰ্ছকে ধৰি দিল্লী কেপিটেলছৰ পাঁচজন সদস্যই কোৰোনা ভাইৰাছত আক্রান্ত হৈছে। অনুসন্ধানত ফিজিঅ’ পেট্ৰিক ফাৰহাৰ্ট, দলৰ মালিশকাৰী চেতন কুমাৰ, দলৰ চিকিৎসক অভিজিত চালভি আৰু ছ’চিয়েল মিডিয়া কনটেণ্ট দলৰ সদস্য আকাশ মানে কোৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বিচিচিআইয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, ‘ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ২০ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এমচিএ ষ্টেডিয়াম, পুনেৰ পৰা ব্ৰেবোৰ্ণ – চিচিআইলৈ ৩২ নং মেচ স্থানান্তৰ কৰিছে। দীঘলীয়া দূৰত্বৰ বাছ যাত্ৰাৰ সময়ত দলটোত ক’ভিড-১৯ সংক্ৰমণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে।’ বুধবাৰে পুৱা আৰটি-পিচিআৰ পৰীক্ষাৰ পিছতহে দিল্লী কেপিটেলছক খেলখন খেলিবলৈ অনুমতি দিয়া হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *