ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) শীৰ্ষ পৰিষদে ২৩ এপ্ৰিলত ভাৰতীয় উইকেটকিপাৰ ঋদ্ধিমান সাহাৰ ওপৰত তদন্ত সমিতিৰ প্ৰতিবেদন পৰ্যালোচনা কৰিবলৈ বৈঠকত মিলিত হ’ব। সাহাই সাংবাদিক বোৰিয়া মজুমদাৰৰে তেওঁক ভয় দেখুৱাওৱাৰ অভিযোগ কৰিছিল।বিচিচিআইয়ে বিষয়টো চোৱা-চিতা কৰিবলৈ উপ-সভাপতি ৰাজীৱ শুক্লা, কোষাধ্যক্ষ অৰুণ ধুমল আৰু শীৰ্ষ পৰিষদৰ সদস্য প্ৰভতেজ ভাটিয়াক লৈ তিনিজনীয়া সমিতি গঠন কৰিছিল। ভাৰতীয় দলৰ বাহিৰত থকা ৩৭ বছৰীয়া সাহাই যোৱা মাহত সমিতিৰ সন্মুখত হাজিৰ হৈছিল। সাংবাদিক মাজমুদাৰও সমিতিৰ সন্মুখত উপস্থিত হৈছিল। সাহাই অভিযোগ কৰিছিল যে মাজমুদাৰে তেওঁক সাক্ষাৎকাৰ নিদিয়াৰ বাবে ভাবুকি দিছিল। বিচিচিআইয়ে আশা কৰিছে যে বিষয়টো শীৰ্ষ পৰিষদৰ বৈঠকতে শেষ হ’ব। সাহাই ২৩ ফেব্ৰুৱাৰীত কেইবাটাও টুইট কৰিছিল য’ত তেওঁ এজন সাংবাদিকক অভিযুক্ত কৰিছিল। এইজন সাংবাদিক মজুমদাৰ আছিল। সাত দফা কাৰ্যসূচীত বহু-দিনীয়া টুৰ্ণামেণ্টৰ বাবে মাচুল আৰু অংশগ্ৰহণ মাচুল ৰখাৰ বিষয়টোও অন্তৰ্ভুক্ত আছে। ৰঞ্জী ট্ৰফীৰ নকআউট পৰ্যায়ৰ খেলৰ স্থানসমূহো সভাখনত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। নকআউট পৰ্যায়ৰ খেলসমূহ ৩০ মে’ৰ পৰা ২৬ জুনৰ ভিতৰত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) পিছত অনুষ্ঠিত হ’ব। ৰঞ্জী ট্ৰফীৰ লীগ পৰ্যায়ৰ খেলসমূহ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হৈছিল।